তেজপুৰৰ শিশু জাইনাৰ সফলতা

0 10

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭জুনঃ ৰঙাপৰাৰ কমলা ভৱনত  উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত অনুষ্ঠিত হৈ যোৱা বিএছ ইভেন্ট প্ৰডাকচনৰ দ্বিতীয় বাৰ্ষিক ফয়েনিক্স উত্তৰ পূৱ ফেষ্টিভেলৰ মডেলিং প্ৰতিযোগিতাৰ শিশুৰ ক শাখাত তেজপুৰৰ জাইনা শিৱমে প্ৰথম স্হান অৰ্জন কৰিবলৈ সক্ষম হয়৷ তেজপুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ নাথ আৰু সাগৰিকা বৰাৰ কন্যা তথা তেজপুৰ ডনবস্ক’ বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী জাইনাই ইতিমধ্যে নৃত্য গীতৰেও ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে চাৰি জুনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ এই শাখাত মুঠ ১৬টি শিশুৱে অংশ লৈছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More