মূল্যবৃদ্ধিৰ প্ৰতিবাদত গুৱাহাটীত কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন

0 5

শতাব্দ, প্ৰতিনিধি গুৱাহাটী,৫ আগষ্টঃ সমগ্ৰ দেশত কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত আছে। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বানপানী সমস্যা, নিত্য ব্যৱহাৰ্য্য খাদ্য সামগ্ৰীৰ ওপৰত জি এছ টি জাপি দিয়াৰ বিৰুদ্ধে গুৱাহাটীতো অসম প্ৰদেশ কংগ্ৰেছে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ডঃ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা জি এচ টি প্ৰত্যাহাৰ কৰক, নিবনুবা সমস্যা সমাধান কৰক আদি শ্ল’গান দি প্ৰতিকী ৰূপত হাতে হাতে গেছৰ ছিলিণ্ডাৰ লৈ ৰাজভৱন দিশে আগবাঢ়িবলৈ লওঁতে আৰক্ষীয়ে বাধা প্ৰদান কৰাত প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীৰ বেৰীকেড ভাঙি ৰাজভৱন দিশে আগুৱাই যাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীসকলক টানি-আঁজুৰি আটক কৰিলে আৰক্ষীয়ে। উল্লেখ্য যে শুকুৰবাৰে কংগ্ৰেছৰ দেশজুৰি প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ সমান্তৰালকৈ অসমতো ৰাজভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছে। প্ৰতিবাদত কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কৰ লগতে লগতে শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে গোটেই দেশৰ মানুহ আজি মূল্যবৃদ্ধিত ভাৰাক্ৰান্ত। বিজেপিয়ে জি এছ টি আৰোপ কৰি সৰ্বসাধাৰণৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে । প্ৰতিৰোধ যিমান শক্তিশালী হ’ব কংগ্ৰেছৰ প্ৰতিবাদ তাতকৈ শক্তিশালী হ’ব বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে হুংকাৰ দিয়ে। বিধায়ক জাকিৰ হুছেইন শিকদাৰেও প্ৰতিবাদত অংশগ্ৰহণ কৰে। শিকদাৰে কয় যে যেতিয়ালৈ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে আৰু চাকৰি দিব নোৱাৰে তেতিয়ালৈ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে জেহাদীৰ ৰম্যভূমি হোৱা অসমত জেহাদীক ধৰাত ব্যৰ্থ চৰকাৰে কংগ্ৰেছীক ধৰি বৰ্বৰতা দেখুৱাব আহিছে। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More