মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰক চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে বেণ্ড-এইড লগাই অধ্যক্ষৰ কাৰ্যালয়ৰ বাহিৰত বহুৱাই ৰাখিলে ডেৰ ঘণ্টা

তিনিচুকীয়াৰ অভিজাত বিদ্যালয়ৰ কাণ্ডঃ আই এছক লিখিত অভিযোগ অভিভাৱকৰ

0 514

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ জুন : ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুলৰ নামত মোটা অংকৰ ধন আদায় কৰি অহা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক নাকী লগোৱাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ তথা প্ৰশাসন ৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি নিজ খেয়ালখুচিমতে সকলো কাম কৰি যাবলৈ সক্ষম হৈছে একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ৷ চৰকাৰ তথা প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ সুবিধা লৈ এতিয়া এচাম ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কণকণ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলিবলৈও কুণ্ঠাবোধ নকৰা হৈছে ৷ আজি তিনিচুকীয়াৰ এখন অভিজাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাই পুনৰবাৰ প্ৰতিপন্ন কৰিছে এনে আশংকাৰ সত্যতা ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী ছাত্ৰজনৰ পিতৃয়ে তিনিচুকীয়াৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আজি বিয়লি এক লিখিত অভিযোগ দাখিল কৰিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে এটা ব্যক্তিগত খণ্ডৰ বেংকৰ তিনিচুকীয়া শাখাৰ পৰিচালকৰূপে কৰ্মৰত অমিত ৰাজ ফুকনৰ পুত্ৰ অয়ন ৰাজ গৌতম চহৰখনৰ লাইপুলিস্থিত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ৷ আজি ছাত্ৰজনে বিদ্যালয়ত থকাৰ সময়তে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ছাত্ৰজন বাথৰুমৰ পৰা উভতি অহাৰ সময়ত শ্ৰেণীকোঠাৰ দুৱাৰত খুন্দা মৰাৰ ফলত আঘাত পোৱা বুলি প্ৰকাশ ৷ অভিযোগ অনুসৰি আহত ছাত্ৰজনক তৎকালে উপযুক্ত চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে বিদ্যালয় কৰ্তৃপক্ষই কেৱল ক্ষতস্থানত বেণ্ড-এইড লগায়েই দায়িত্ব সামৰে ৷ কিন্তু কিছুসময়ৰ পাছতে পুনৰ মূৰৰ ক্ষতস্থানৰ পৰা তেজ নিৰ্গত হ’বলৈ ধৰে ৷ ছাত্ৰজনৰ অভিভাৱকে এই ঘটনাৰ বিষয়ে খবৰ পোৱাৰ পৰা বিদ্যালয়ত উপস্থিত হোৱালৈকে প্ৰায় ডেৰ ঘণ্টাতকৈ অধিক সময়ৰ এই সমগ্ৰ কাণ্ডৰ সময়ছোৱাত ছাত্ৰজনক চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে অধ্যক্ষৰ কাৰ্যালয়ৰ বাহিৰত বহি থাকিবলৈ দিয়া হয় বুলি অভিযোগত প্ৰকাশ ৷ আনকি বিদ্যালয় চৌহদৰ ভিতৰতে চিকিৎসা প্ৰদানৰ ব্যৱস্থা থকা স্বত্বেও বিদ্যালয়ৰ কোনো শিক্ষক, শিক্ষয়িত্ৰী বা কৰ্মচাৰীয়ে আঘাতপ্ৰাপ্ত ছাত্ৰজনক তালৈ নি চিকিৎসা প্ৰদানৰ ব্যৱস্থা নকৰি চৰম গাফিলতিৰ পৰিচয় দিয়া বুলি অভিযোগ উঠিছে ৷ জানিব পৰা মতে বিদ্যালয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ শাৰীৰিক জটিলতা আৰু বৃদ্ধি পায় ৷ এনে পৰিস্থিতিত বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ এক উচিত তদন্তৰ লগতে ভৱিষ্যতে যাতে অনুৰূপ ঘটনা সংঘটিত নহয় সেয়া নিশ্চিত কৰাৰ বাবে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আবেদন জনায় ভুক্তভোগী ছাত্ৰজনৰ পিতৃয়ে আজি তিনিচুকীয়াৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More