প্ৰাণৰ সংশয়ত ভূগিছে নকল সোণ-জাল নোটৰ চক্ৰৰ বিৰুদ্ধে সাহসেৰে মাত মতা হাচিনাই

নিৰাপত্তা বিচাৰি আৰক্ষী সঞ্চালক, দায়বদ্ধতা আয়োগক আবেদন

0 7
  • দলে দলে নকল সোণ-জাল নোটৰ চক্ৰ ধৰাই হোটেলত আশ্ৰয় হাচিনা বেগমৰ
    শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ২ জুন ঃ লখিমপুৰ জিলাত দীৰ্ঘদিন ধৰি চলি থকা জালনোট-নকল সোণৰ চক্ৰৰ বিৰুদ্ধে মাত মাতি শেহতীয়াকৈ প্ৰাণৰ সংশয়ত ভূগিছে জিলাখনৰ এগৰাকী সাহসী মহিলাই৷ বঙালমৰাৰ হাচিনা বেগম নামৰ এইগৰাকী মহিলাই এই চক্ৰটোৰ বিৰুদ্ধে মাত মাতি একপ্ৰকাৰে ভাবুকিৰ সন্মুখীন হৈছে৷ যাৰ বাবে শেহতীয়াকৈ তেওঁ জীৱনৰ নিৰাপত্তা বিচাৰি আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উল্লেখনীয় কথা যে এইগৰাকী সাহসী মহিলাৰ তথ্যৰ ভিত্তিতে এনে অসাধু ব্যৱসায়ৰ লগত জড়িত শতাধিক লোক এইপৰ্যন্ত আৰক্ষীৰ জালত পৰিছে৷ লখিমপুৰৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতেই দলে দলে এনে চক্ৰৰ লোকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ধুম উঠিছে৷ ইফালে বঙালমৰা অঞ্চলৰ বহু জাল নোট আৰু নকল সোণৰ ব্যৱসায়ীক ধৰাই দিয়া হাচিনা বেগম এতিয়া দুষ্ট চক্ৰটোৰ লক্ষ্য হৈ পৰিছে বুলি আজি হাচিনা বেগমে সাংবাদিকক কয়৷ যাৰ বাবে এতিয়া তেওঁ লখিমপুৰ নগৰৰ এখন হোটেলত নিৰাপত্তাৰ খাতিৰত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে৷ বঙালমৰা অঞ্চলৰ নিজ গৃহলৈ ঘূৰি যাবলৈ সাহস নকৰা মহিলা গৰাকীয়ে আজি কয় যে আৰক্ষীয়ে এতিয়াও ২-৩ শ এনে অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে৷ বহু অপৰাধী জিলাৰ লগতে ৰাজ্যৰ বাহিৰলৈ পলায়ন কৰা বুলিও তেওঁ কয়৷ উল্লেখনীয় কথা যে এইগৰাকী মহিলাৰ তথ্যৰ ভিত্তিতে বঙালমৰা আৰক্ষীচকীৰ তৰুণ চন্দ্ৰ বড়ো নামৰ বিষয়াগৰাকী কিছুদিন পূৰ্বে নিলম্বিত হৈছিল৷ নকল সোণ ব্যৱসায়ীৰ পৰা ধন লৈ থকা ফটো ভাইৰেল হোৱাৰ পিছতে অসম আৰক্ষীয়ে বিষয়াজনক নিলম্বিত কৰে৷ একেদৰে নকল সোণৰ এজন অন্যতম মাষ্টাৰ মাইণ্ড আজগৰ আলিয়ে নিজৰ বাসগৃহৰ ভিতৰত নকল সোণৰ নাও কাটি থকাৰ দৃশ্য ভাইৰেল কৰি দুষ্ট চক্ৰটোৰ ৰোষত পৰা মহিলাগৰাকীয়ে এতিয়া সম্পূৰ্ণ নিৰাপত্তাহীনতাত ভূগিছে৷ আজি হাচিনা বেগমে কয় যে- মই নকল সোণ-জাল নোটচক্ৰৰ বিৰুদ্ধে ২৭-০৬-২০১৮ তাৰিখে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উদ্ধৰ্তম আৰক্ষীক এই বিষয়ে অৱগত কৰিছিলো৷ মই এই অসাধু চক্ৰটোৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি মাত মাতি আহিছো আৰু ভৱিষ্যতেও মাতি যাম বুলিও তেওঁ মন্তব্য কৰে৷ কিন্তু মোলৈ এতিয়া একপ্ৰকাৰে ভাবুকি আহিছে আৰু যাৰবাবে এতিয়া মই যোৱা ২৩ মে’ত মোৰ নিৰাপত্তা বিচাৰি অসম আৰক্ষীৰ দায়বদ্ধতা আয়োগ, মানৱ অধিকাৰ আয়োগ, আৰক্ষী সঞ্চালকপ্ৰধান আদিক আবেদন জনাবলৈ বাধ্য হৈছো বুলি কয়৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More