মেঘালয়ৰ বনদস্যুৰ ওচৰত অসম চৰকাৰৰ আত্মসমৰ্পণ-লুৰীণৰ ক্ষোভ

তিনিচুকীয়াত অজাপৰ সভাপতি

0 17

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ নৱেম্বৰ : অসম-মেঘালয় সীমান্তৰ শেহতীয়া ঘটনাৰ সন্দৰ্ভত আজি তিনিচুকীয়াত সৰৱ হৈ পৰে অসম জাতীয় পৰিষদৰ (অজাপ) সভাপতি লুৰীণজ্যোতি গগৈ৷ তেওঁ কয় যে অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধান হোৱা বুলি ৰাজ্য চৰকাৰে কোৱা কথা মিছা বুলি প্ৰমাণিত হ’ল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কাষত লৈ অসম আৰু মেঘালয়ৰ ৭০ শতাংশ সীমা সমস্যা সমাধান হোৱা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল যদিও অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আত্মসমৰ্পণ কৰি ৰাজ্যৰ ১৮.৫৬ কিলোমিটাৰ মাটি দি এই সীমা সমস্যা সমাধানৰ বাবে আগবাঢ়িছিল। প্ৰকৃতাৰ্থত যে সীমা সমস্যা সমাধান হোৱা নাই সেই কথা শেহতীয়া ঘটনাই প্ৰমাণ কৰিলে বুলি লুৰীণজ্যোতিয়ে কয় ৷ অজাপই সদায় কৈ আহিছে যে ৰাজ্যখনত চোৰাং বেপাৰ, ছিণ্ডিকেট বন্ধ হোৱা নাই ৷ কালিৰ ঘটনাই এই কথা স্পষ্ট কৰি তুলিলে যে অসমৰ মাটিৰ পৰা এনেকৈ কাঠৰ চোৰাং কাৰবাৰ চলি আছে ৷ অসমৰ বন বিভাগ আৰু আৰক্ষীয়ে বনদস্যুৰ দৌৰাত্ম্য বন্ধ কৰিবলৈ যোৱাৰ সময়ত কালিৰ ঘটনা সংঘটিত হ’ল ৷ কিন্তু অতি আশ্চৰ্য্জনকভাৱে মেঘালয়ৰ বনদস্যুৰ ওচৰত অসম চৰকাৰে আত্মসমৰ্পণ কৰিলে বুলি অজাপৰ সভাপতিজনে উল্লেখ কৰে ৷ তেওঁ কয় যে তদন্ত সম্পূৰ্ণ নোহোৱাকৈ আৰক্ষী আৰু বন বিভাগৰ বিষয়া, কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰা হ’ল ৷ মুখ্যমন্ত্ৰীয়ে এক ন্যায়িক তদন্ত ঘোষণা কৰাৰ পাছতো তদন্ত সম্পূৰ্ণ হোৱাৰ পূৰ্বেই অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰে মেঘালয়ৰ বনদস্যুৰ ওচৰত আত্মসমৰ্পণ কৰি এনে পদক্ষেপ গ্ৰহণ কৰা বুলি লুৰীণজ্যোতিয়ে ক্ষোভ প্ৰকাশ কৰে ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰাৰ বাবে আৰু দিল্লীত ৰাজনৈতিকভাৱে বাহ্ বাহ্ লোৱাৰ স্বাৰ্থতে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ তেওঁ কয় যে অসম আৰু মেঘালয়ৰ ৰাইজে শান্তি বিচাৰে ৷ শেহতীয়া ঘটনা চৰকাৰৰ অদূৰদৰ্শিতা আৰু অব্যৱস্থাপনাৰ বাবে সংঘটিত হোৱা বুলি ব্যক্ত কৰি লুৰীণজ্যোতিয়ে অসম আৰু মেঘালয়ৰ ৰাইজক শান্তি, সম্প্ৰীতি, সমন্বয় বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ৷ এনে এক বিপদৰ সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লী বা গুজৰাটত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাটো দুৰ্ভাগ্যজনক বুলি অজাপৰ সভাপতিজনে কয় ৷ তেওঁ লগতে ভৱিষ্যতে যাতে অনুৰূপ ঘটনা সংঘটিত নহয় আৰু পৰিস্থিতি অধিক বেয়ালৈ ঢাল নেখাই তাৰবাবে কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক দাবী জনায় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More