মেট্ৰিকৰ প্ৰশ্নাকাকত ফাদিলঃ গ্ৰেপ্তাৰ তেজপুৰৰ যুৱক

0 34
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত  তেজপুৰৰ পুংপানী গাঁও নিবাসী আব্দুল চোভানৰ পুত্ৰ চাৰিফুল ইছলামক কৰায়ত্ত কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে৷ উল্লেখযোগ্য যে,চাৰিদুৱাৰ আৰক্ষীয়ে যুৱকজনক মংগলবাৰে নিশা অকাবস্তিত আত্মগোপন কৰি থকা অৱস্থাত কৰায়ত্ত কৰে৷প্ৰশ্ন কাকত ফাদিলৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰা চিআইডিক ধৃত যুৱক জনক গতাই দিয়া আৰক্ষীয়ে ঘটনাৰ আঁৰৰ সবিশেষ প্ৰকাশ কৰা নাই যদিও চাৰিদুৱাৰ আৰক্ষী থানাত ৰুজু হোৱা ৩/২৩নম্বৰ গোচৰৰ ভিত্তিত যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়৷ উল্লেখযোগ্য যে,ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰা তদন্তৰ সময়ত লাভ কৰা কাৰিকৰী তথ্যৰ ভিত্তিত যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় চাৰিদুৱাৰ আৰক্ষী৷ বৰ্তমান লখিমপুৰত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত যুৱকজনে সংবাদমাধ্যমৰ আগত টেলিফোনযোগে এইসন্দৰ্ভত যোগাযোগ হোৱাৰ লগতে হাতেলিখা প্ৰশ্ন লাভ কৰা বুলি মন্তব্য কৰে৷ এখন বহীত লিখিলোৱা হৈছিল৷ তেওঁ এই সকলোতে জনৈক শইকীয়া উপাধিৰ এজন লোক জড়িত থকাৰ বিষয়ে প্ৰকাশ কৰি এইলোকজন ভিডিপিৰে জড়িত বুলিও কয়৷ এই শইকীয়া ডিডিপিৰ সম্পাদক বুলি প্ৰকাশ কৰি চৰিফুলে ফোনত লগ পোৱা ‘দাদাজন’ ধেমাজিৰ বুলি ব্যক্ত কৰে৷ অৱশ্যে বিষয়টোৰ তদন্ত যিহেতু চিআইডি য়ে কৰি আছে সেয়ে এইবিষয়ে সবিশেষ তথ্য চিআইডিৰ লগতহে মজুত থকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More