মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাঃ লখিমপুৰত দুই শিক্ষকক গ্ৰেপ্তাৰ

নাৱতে লোহিত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰণৱ দত্তক গ্ৰেপ্তাৰঃ মাজুলীৰ জেংৰাইত পৰা আটক বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱা

0 129

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৬ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনা সন্দৰ্ভত সমগ্ৰ ৰাজ্যত আৰক্ষী আৰু চি আই ডিয়ে তীব্ৰ অভিযান অব্যাহত ৰখাৰ সময়তে আজি লখিমপুৰ আৰু মাজুলী আৰক্ষীয়ে দুজনকৈ শিক্ষাগুৰুক গ্ৰেপ্তাৰ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ ধৃত শিক্ষক দুজন হৈছে লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত লোহিত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক তথা লোহিত খাবলু হাইস্কুলৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক প্ৰণৱ দত্ত আৰু ডফলাকটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱা৷ প্ৰণৱ দত্তৰ ঘৰ হৈছে পথালি পাহাৰত আৰু কুমুদ ৰাজখোৱাৰ ঘৰ হৈছে কদমত৷ আজি কুমুদ ৰাজখোৱাক মাজুলী আৰক্ষীয়ে মাজুলীৰ জেংৰাইৰ পৰা আৰু প্ৰণৱ দত্তক সোৱণশিৰি নদীৰ লোহিত খাবলু ঘাটত নাৱৰ পৰাই লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ প্ৰণৱ দত্তই আজি নিজ বিদ্যালয় তথা লোহিত খাবলু হাইস্কুলত অনুষ্ঠিত মেট্ৰিকৰ হিন্দী পৰীক্ষা সমাপ্ত কৰি লখিমপুৰৰ গৃহাভিমুখে আহি থকাৰ সময়তে লখিমপুৰ আৰক্ষীৰ জালত পৰে৷ ইতিমধ্যে লখিমপুৰ সদৰ থানাত প্ৰণৱ দত্তক শীৰ্ষ আৰক্ষী বিষয়াই আজি সন্ধিয়াৰ পৰা নিৰন্তৰ জেৰা অব্যাহত ৰখাৰ বিপৰীতে কুমুদ ৰাজখোৱাক জেংৰাইৰ পৰা লখিমপুৰলৈ আনি থকা হৈছে৷ এক সূত্ৰই সদৰি কৰা অনুসৰি ফাদিল হোৱা প্ৰশ্নকাকতৰ আখৰৰ লগত প্ৰণৱ দত্তৰ হস্তাক্ষৰৰ যথেষ্ট মিল আছে৷ মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত কোনো কেনেদৰে ফাদিল কৰিলে সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ জেৰাত শীঘ্ৰে এই তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ উল্লেখনীয় কথা যে ডফলাকটা জনজাতি হাইস্কুলৰ মেট্ৰিক পৰীক্ষা সোৱণশিৰি পাৰৰ ন-আলি অৱনৰী হাইস্কুলত অনুষ্ঠিত হয়৷ সেয়ে ডফলাকটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱা আৰু লোহিত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰণৱ দত্তৰ মাজত কি যোগসূত্ৰ আছে সেয়া আৰক্ষীৰ তদন্তইহে পোহৰলৈ আনিব৷ লখিমপুৰৰ বিশেষকৈ সোৱণশিৰি নৈপৰীয়া একাধিক কেন্দ্ৰ এতিয়াও ৰাইজৰ মাজত ‘জীৱন মুক্তি’ চেণ্টাৰ হিচাপে জনাজাত৷ এই কেন্দ্ৰ সমূহত মুকলি ভাৱে নকলৰ প্ৰয়োভৰ ঘটাৰ বাবেই এনে কেন্দ্ৰত পৰীক্ষা দিয়া সকলো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় বুলি লখিমপুৰৰ সৰ্বজন বিদিত৷ বিশেষকৈ সোৱণশিৰি নদীৰ একাধিক ঘাট পাৰ হৈ এনে দুৰ্গম কেন্দ্ৰ সমূহলৈ যাবলগা হোৱাৰ বাবে পৰীক্ষা কেন্দ্ৰত অনিয়মৰ সৃষ্টি হৈ আহিছে৷ লখিমপুৰ জিলাৰ লগতে বিভিন্ন জিলাৰ পৰা এতিয়াও এনে কেন্দ্ৰ সমূহলৈ পৰীক্ষাৰ্থীৰ আগমন ঘটে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More