‘চিষ্টাৰ অৱ তেজপুৰ’ শীৰ্ষক বিশেষ প্ৰদৰ্শনীত দহ সহস্ৰাধিক ফটো আৰু পাণ্ডুলিপি প্ৰৰ্দশন

নাৰী মুক্তি আৰু নাৰী সৱলীকৰণৰ তেজপুৰৰ অন্যতম পীঠস্থান তেজপুৰ মহিলা সমিতিৰ শতবৰ্ষ গৰকা সোণালী ইতিহাস উপলব্ধ হ’ল আৰ্কাইভত

0 48

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ১৬ মাৰ্চঃ ৰাজ্যখনৰ নাৰী মুক্তি আন্দোলন, নাৰী সৱলীকৰণ তথা দেশৰ স্বাধীনতা আন্দোলনৰ স্মৃতি বিজৰিত অন্যতম অনুষ্ঠান ‘তেজপুৰ মহিলা সমিতি’ৰ শতবৰ্ষ গৰকা সোণালী ইতিহাস আজিৰে পৰা বিশ্ব দৰবাৰলৈ গতি কৰিলে৷IMG 20230316 WA0112 দেশৰ স্বাধীনতাৰ পূৰ্বৰ ১৯২০ চনৰ পৰা এক গৌৰৱোজ্জ্বল ইতিহাসেৰে মহীয়ান হৈ থকাই নহয়, মহামানৱ মহাত্মা গান্ধীৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰ বহু প্ৰাতঃস্মৰণীয় পুৰোধাৰ স্মৃতিৰে গৰিমামণ্ডিত তেজপুৰ মহিলা সমিতিৰ প্ৰতিষ্ঠা লগ্নৰ পৰা বৰ্তমান সময়লৈকে স্মৃতিৰ স্বাক্ষৰ সম্বলিত প্ৰায় দহ হেজাৰ ফটো আৰু পাণ্ডুলিপি আজিৰে পৰা আকাৰ্ভইৰ জৰিয়তে তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত সমগ্ৰ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰাৰ পথ প্ৰশস্ত কৰি তুলিলে৷ উল্লেখ্য যে, নৰ্থ ইষ্ট লাইট বক্স, ইণ্ডিয়ান এছচিয়েচন ফৰ উইমেন ষ্টাডিজ আৰু তেজপুৰ বিশ্ববিদ্যালয়ে এই মহৎ পদক্ষেপ হাতত লৈ আজিৰে পৰা তিনিদিনীয়াকৈ তেজপুৰ মহিলা সমিতিৰ প্ৰাংগণত ‘চিষ্টাৰ অৱ তেজপুৰ’ শীৰ্ষক বিশেষ ৰাজহুৱা প্ৰদৰ্শন আৰু ডিজিটালাইজ ব্যৱস্থাৰে আৰ্কাইভত সংৰক্ষণৰ ব্যৱস্থা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য, অধ্যাপক ডঃ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই৷ এই তিনিদিনীয়া ৰাজহুৱা প্ৰদৰ্শনীৰ শুভাৰম্ভণি অনুষ্ঠান আৰম্ভ হয় বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাৰ নেতৃত্বত সমিতিৰ সদস্যাসকলৰ মহিলা সমিতিৰ শুভাৰম্ভণি গীত ‘ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক’ শীৰ্ষক গীতেৰে৷ তেজপুৰ জিলা সমিতিৰ সম্পাদিকা মানসী দত্তই আঁত ধৰা আৰু তেজপুৰ মহিলা সমিতিৰ সভানেত্ৰী মিতা নংগীয়া গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত আৰম্ভণি অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপিকা ডঃ মাধুৰিমা গোস্বামীয়ে অসমৰ উঠি অহা প্ৰজন্মই ইতিহাস জনাটো অতি গুৰুত্বপূৰ্ণ বিষয় বুলি মন্তব্য কৰি তেজপুৰৰ পৰা ১৯১৯ চনতেই যিসকল মহিলাৰ বদান্যতাত নাৰী মুক্তি আন্দোলনে এক জোৱাৰ তুলিবলৈ সক্ষম হৈছিল, সেই মহিলা সমিতিখনৰ সোণালী ইতিহাস অকল অসমৰ মানুহেই নহয়, ইয়াক সকলো প্ৰান্তৰ লোকে জানিব পৰাকৈ সংৰক্ষণৰ বাবেই এনে এক প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে৷ আনহাতে মহিলাসকল জাগিলে পৃথিৱীত কম্পন আৰম্ভ হয় বুলি মন্তব্য কৰি তেনে মহিলাৰ বহু স্মৃতি এনে ধৰণৰ অনুষ্ঠানসমূহত জড়ি.ত হৈ আছে আৰু সেইসমূহ উঠি অহা প্ৰজন্মই জানিবই লাগিব বুলি মন্তব্য কৰে৷ বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক ডঃ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই সমাজৰ বিকাশ আৰু উত্তৰণৰ বাবে নিজকে উৎসগ¹ত কৰা যিকোনো লোকক সমাজে স্বীকৃতি দিয়াৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি তেজপুৰ বিশ্ববিদ্যালয়ে অকল বিশ্ববিদ্যালয়ৰ আবেষ্টনীৰ মাজতেই শিক্ষাদানৰ কথা নাভাৱি বাহিৰলৈ ওলাই যোৱাৰ প্ৰয়াসৰ বাবেই পাঁচখনকৈ ইতিমধ্যে পৰিগৃহীত গাঁও হিচাপে বহু উন্নয়নমূলক কাম হাতত লোৱা হৈছে বুলি মন্তব্য কৰি আনকি বড়োলেণ্ডটো তেজপুৰ বিশ্ববিদ্যালয়ৰ দলে সেই অঞ্চলৰ কৃষকসকলৰ কল্যাণৰ বাবে কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি তাৰো এক পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰাৰ লগতে তেজপুৰ মহিলা সমিতিৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা কন্যা শিক্ষাৰ্থীক বিশ্ববিদ্যালয়খনত বিনামূলীয়াকৈ কম্পিউটাৰ শিক্ষা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কয়৷ ভাষণ প্ৰসংগত ডঃ ভট্টাচাৰ্যই সমাজৰ মাজলৈ সোমাই গলেহে আমাকো সমাজে আদৰি ল’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ আনহাতে আজিৰ এই আৰম্ভণিৰ অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে উপস্থিত থকা তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক তথা ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সমাজ বিজ্ঞানী ডঃ চন্দন কুমাৰ শৰ্মাই তেজপুৰ মহিলা সমিতিৰ যি ইতিহাস সি এক শিক্ষণীয় ইতিহাস বুলি মন্তব্য কৰি তাহানিতেই সমাজৰ বাধ্য বাধকতা নেওচা দি মহিলাসকলে যেনেদৰে নাৰী সৱলীকৰণৰ অৰ্থে নিজকে উৎসৰ্গিত কৰিছিল সেয়া  বুৰঞ্জীত লিপিৱদ্ধ হোৱা উচিত বুলি কয়৷ সমাজ বিৱৰ্তনত বা সমাজ নিৰ্মাণ আৰু সমাজ পৰিৱৰ্তনত এনে মহিলাসকলৰ যি অৱদান সেয়া অসম বুৰঞ্জীত চৰ্চা কম হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি অকল তেজপুৰ বিশ্ববিদ্যালয়েই নহয়,প্ৰত্যেক শিক্ষানুষ্ঠানে এনে ধৰণৰ সামাজিক অনুষ্ঠানসমূহৰ ইতিহাসৰ ওপৰত গৱেষণা কৰা বা অনুষ্ঠানসমূহক আৰ্থিক-মানসিক সকাহ প্ৰদান কৰাৰ স্থল আছে বুলিও মন্তব্য কৰে৷ আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা তথা এগৰাকী বিশিষ্ট লেখিকা ডঃ শীলা বৰা৷ ইতিহাসৰ অধ্যাপিকাগৰাকীয়ে ভাষণ প্ৰসংগত আজিও অসমৰ বা দেশৰ মহিলাসকলৰ কোনো বুৰঞ্জী নাই বুলি আক্ষেপ প্ৰকাশ কৰি মাত্ৰ ৰাণী এলিজাবেথ, ভিক্টৰিয়া আদিৰ লেখিয়া কিছু নাৰীৰ বুৰঞ্জী আছে যদিও একোখন সমাজলৈ বৰঙণি আগবঢ়োৱা বহু মহিলাৰ বুৰঞ্জী আজিও নাই বুলি কৈ এয়া কেনেকৈ হ’বলৈ পালে বুলি আক্ষেপ প্ৰকাশ কৰে৷ ১৯৬০-৭০ দশকত এই কথা মহিলাসকলে উপলব্ধি কৰি তেতিয়াৰ পৰাই এই ক্ষেত্ৰত মহিলাসকলৰ একাংশ সচেষ্ট হয় আৰু পুৰুষে লিখা বুৰঞ্জীতো মহিলাৰ কথা উল্লেখ নাছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ সমাজখন চলোৱা, ঘৰখন চলোৱা মহিলাৰ কথাও যে বুৰঞ্জী হ’ব পাৰে সেই কথা তেজপুৰ মহিলা সমিতিৰ সৈতে জড়িত থকা বদান্য মহিলাসকলৰ মাজতেই উমান পোৱা যায়৷ দুৰ্ভাগ্যজনক কথা এতিয়াও মহিলাই পূজা কৰিব নোৱাৰে, বেদ পঢ়িব নোৱাৰাৰ কথা চলি আছে৷ এইবোৰৰ বাবেই তাৰ পৰৱৰ্তী সময়ত মহিলাসকলে নিজৰ অধিকাৰৰ কথা লিখিবলৈ আৰম্ভ কৰিলে৷ মহাত্মা গান্ধীয়ে আৰম্ভ কৰা স্বাধীনতা আন্দোলনত মহিলাসকলৰ সকলো ক্ষেত্ৰতেই যোগদানে মহিলা সৱলীকৰণৰ নৱজাগৰণৰ সৃষ্টি কৰিলে আৰু ১৯২৬ চনত মহাত্মা গান্ধী অসমলৈ অহাৰ পৰা অসমৰ মহিলা সকলো অনুপ্ৰাণিত হৈ পৰিল আৰু তাৰেই উদাহৰণ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৰে অগ্নিকন্যা বুলি মন্তব্য কৰে৷ তেজপুৰ আৰু তেজপুৰ জিলা মহিলাৰ সমিতিৰ উপদেষ্টা তথা বিশিষ্ট সমাজকৰ্মী মিনাক্ষী ভূঞা, বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামী, চালেহা খাতুন আদি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আজিৰ এই আৰম্ভণি অনুষ্ঠানতে তেজপুৰ মহিলা সমিতিলৈ ১৯৮৯ চনৰ পৰা অনবদ্য বৰঙণি আগবঢ়োৱা নীনা দত্তক তেজপুৰ বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰৰ তৰফৰ পৰা উপাচাৰ্য ডঃ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই গামোছা, অংগ বস্ত্ৰ আৰু প্ৰশস্তিৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More