ম্যাদ উকলা বিস্কুট ভক্ষণ কৰি তেজপুৰত বিষক্ৰিয়াত আক্ৰান্ত শিশুসহ পাঁচজন

0 16

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২ছেপ্টেম্বৰ: তেজপুৰত ম্যাদ উকলা বিস্কুট খাই বিষক্ৰিয়াত আক্ৰান্ত হৈছে এটা পৰিয়ালৰ শিশুসহ পাঁচজন সদস্য৷ উল্লেখযোগ্য যে, পাঁচমাইল চামধৰাৰ পৰিয়ালটোৰ সদস্যসকলে সমীপৰ দোকানৰ পৰা কালি সন্ধিয়া অনা বিস্কুটৰ স’তে আজি পুৱা চাহ পান কৰাৰ পাছতে আহমদ আলি, নুৰজাহান বেগম, ৰূপজান বিবি,সাতবছৰীয়া মুকচিদুল ইছলাম আৰু নবছৰীয়া অনিচা বেগম অত্যাধিক বমি, মূৰৰ বিষত আক্ৰান্ত হয়৷ এনে অৱস্থাত ততাতৈয়াকৈ আক্ৰান্ত আটাইকে প্ৰথমতে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ইয়াৰ পৰা মিছনচাৰিআলিস্হিত ব্যাপ্তিষ্ট মিছন হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷ সম্প্ৰতি তেজপুৰ ব্যাপ্তিষ্ট মিছন হাস্পতালতে আক্ৰান্ত সকলোকেজন চিকিৎসাধীন যদিও ইয়াৰে ভিতৰত এগৰাকী মহিলাৰ অৱস্থা কিছু গুৰুতৰ বুলি জানিব পৰা গৈছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More