অভিভাৱক মন্ত্রীৰ নতুন তালিকাত কোনে কোন জিলাৰ দায়িত্ব পালে

0 34

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ ছেপ্টেম্বৰঃ অৱশেষত সলনি হ’ল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী। একাংশ অভিভাৱক মন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট হোৱা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যি উদ্দেশ্যৰে মন্ত্রীসকলক অভিভাৱক হিচাপে বিভিন্ন জিলাৰ দায়িত্ব দিয়া হৈছিল সেই উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছিল একাংশ মন্ত্রী। যাৰ বাবে মুখ্যমন্ত্রীয়ে দায়িত্ব সলনি কৰাৰ ব্যৱস্থ‍া গ্ৰহণ কৰিছে। অৱশেষত অভিভাৱক মন্ত্রীৰ নতুন তালিকা প্ৰকাশ কৰা হ’ল। সেই অনুসৰি মন্ত্রী অতুল বৰাক কামৰূপ মহানগৰ আৰু লখিমপুৰৰ দায়িত্ব দিয়া হয়। ইয়াৰ পূৰ্বে তেওঁৰ দায়িত্বত আছিল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। আনহাতে মন্ত্রী ৰণজিত কুমাৰ দাসক বঙাইগাঁও, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব দিয়া হয়। ইয়াৰ পূৰ্বে বঙাইগাওঁ, ধুবুৰী আৰু বৰপেটা জিলা তেওঁৰ দায়িত্বত আছিল। দুখন জিলা সলনি কৰা হয়। সেইদৰে মন্ত্রী পীযুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ আৰু কৰিমগঞ্জ জিলাৰ দায়িত্ব দিয়া হয়। পূৰ্বে তেওঁৰ দায়িত্বত আছিল শোণিতপুৰ, বিশ্বনাথ আৰু নগাওঁ জিলা। মন্ত্রী কেশৱ মহন্তক মৰিগাঁও, গোলাঘাট আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দায়িত্ব দিয়া হয়। ইয়াৰ আগতে তেওঁ গোলাঘাট আৰু মৰিগাওঁ জিলাৰ অভিভাৱক মন্ত্রী আছিল যদিও নতুনকৈ আৰু এখন জিলাৰ দায়িত্ব দিয়া হয়। মন্ত্রী পৰিমল শুক্লবৈদ্যক নগাঁও আৰু হোজাই জিলাৰ দায়িত্ব দিয়া হয়। পূৰ্বে তেওঁ হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই জিলাৰ দায়িত্বত আছিল। তেওঁক নতুনকৈ নগাঁও জিলাৰ দায়িত্ব দিয়াৰ দুখনৰ পৰা অ‍াঁতৰ কৰা হয়। সেইদৰে মন্ত্রী অজন্তা নেওগক যোৰহাট আৰু নলবাৰীৰ দায়িত্ব দিয়া হয়। ইয়াৰ আগতে তেওঁ নলবাৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাৰ দায়িত্বত আছিল। মন্ত্রী ডাঃ ৰণোজ পেগুক শিৱসাগৰ, মাজুলী আৰু বৰপেটাৰ দায়িত্ব দিয়া হয়। পূৰ্বে তেওঁ শিৱসাগৰ আৰু যোৰহাট জিলাৰ দায়িত্বত আছিল। মন্ত্রী অশোক সিংঘালক কোকৰাঝাৰ আৰু গোৱালপাৰাৰ দায়িত্ব দিয়া হয়। ইয়াৰ পূৰ্বে তেওঁ কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ দায়িত্বত আছিল। সেইদৰে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীক কামৰূপ আৰু দৰং জিলাৰ দায়িত্ব দিয়া হয়। ইয়াৰ আগতে তেওঁৰ দায়িত্বত আছিল দৰং, কামৰূপ আৰু কামৰূপ মেট্ৰ’ জিলা। কামৰূপ মহানগৰ জিলাৰ দায়িত্ব তেওঁৰ পৰা আঁতৰাই মন্ত্রী অতুল বৰাক দিয়া হয়। আনহাতে মন্ত্রী যোগেন মহনক কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্ব দিয়া হয়। পূৰ্বে তেওঁ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্বত আছিল। মন্ত্রী বিমল বড়াক চৰাইদেউ আৰু ওদালগুৰি জিলাৰ দায়িত্ব দিয়া হয়। ইয়াৰ আগতে তেওঁ মাজুলী, চৰাইদেউ আৰু বজালী জিলাৰ দায়িত্বত আছিল। মন্ত্রী ইউ জি ব্ৰক্ষ্মক চিৰাং আৰু তামুলপুৰ জিলাৰ দায়িত্ব দিয়া হয়। ইয়াৰ পূৰ্বে তেওঁ বাক্সা আৰু চিৰাং জিলাৰ দায়িত্বত আছিল। মন্ত্রী সঞ্জয় কিষানক ধেমাজি জিলাৰ দায়িত্ব দিয়া হয়। পূৰ্বে সঞ্জয় কিষান ধেমাজি আৰু লখিমপুৰ জিলাৰ দায়িত্বত আছিল। আনহাতে এইবাৰ অভিভাৱক মন্ত্রীৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা। মন্ত্রী জয়ন্ত মল্ল বৰুৱাক কাছাৰ, ধুবুৰী আৰু হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে। পূৰ্বে কাছাৰ জিলাৰ দায়িত্বত আছিল মন্ত্রী অশোক সিংঘাল, ধুবুৰীৰ দায়িত্বত আছিল মন্ত্রী ৰণজিত কুমাৰ দাস আৰু হাইলাকান্দিৰ দায়িত্বত আছিল পৰিমল শুক্লবৈদ্য। আনহাতে মন্ত্রী নন্দিতা গাৰ্লোচাক বাক্সা আৰু বজালী জিলাৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ পূৰ্বে বাক্সাৰ দায়িত্বত ইউ জি ব্ৰক্ষ্ম আৰু বজালীৰ দায়িত্বত বিমল বড়া আছিল। অভিভাৱক মন্ত্রীৰ দায়িত্বৰ ক্ষেত্রত ব্যাপক সালসলনি ঘটোৱা হৈছে। উল্লেখ্য যে শেহতীয়া কেবিনেট বৈঠকত অভিভাৱক মন্ত্রীসকলৰ কাম-কাজ সন্দৰ্ভত পৰ্যালোচনা কৰা হৈছিল। এই পৰ্যালোচনাত একাংশ অভিভাৱক মন্ত্ৰীৰ ক‍াম-কাজকলৈ অসন্তুষ্টি ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ সময়ত একাংশ অভিভাৱক মন্ত্রীয়ে মুখ্যমন্ত্রীয়ে বিচৰা ধৰণে নিজৰ দায়িত্ব পালন কৰিব পৰা নাছিল। বিগত বৰ্ষৰ ২৬ মে’ত মন্ত্রীসকলক অভিভাৱক মন্ত্রী হিচাপে বিভিন্ন জিলাৰ দায়িত্ব দিয়া হৈছিল। কেবিনেটৰ সিদ্ধান্ত অনুসৰি দায়িত্ব দিয়া জিলাৰ সৈতে অভিভাৱক মন্ত্রীৰ তালিকা প্ৰকাশ কৰা হৈছিল। বিগত সময়চোৱাত অভিভাৱক মন্ত্রীসকলে কৰা কাম-কাজৰ পৰ্যালোচনা কৰাত একাংশ মন্ত্রীৰ ব্যৰ্থতা উন্মোচিত হয়। যাৰ বাবে অভিভাৱক মন্ত্রীৰ জিলাৰ দায়িত্ব সালসলনি কৰাৰ ব্যৱস্থা কৰা হয়। আনহাতে নতুনকৈ মন্ত্রিত্ব লাভ কৰা জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা অভিভাৱক মন্ত্রীৰ নতুন তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More