মৰমে হৃদয় জয় কৰোঁ আহক

0 219

বিমল বৰগোহাঁই

“মৰম” মানেই যেন হৃদয়ত সৃষ্টি হোৱা এক বুজাব নোৱাৰা প্রবল অনুভৱ বা অনুভতি। হৃদয়ৰ কোনোবা এটা কোণত আপোনজনৰ প্রতি প্ৰাকৃতিক ভাবে জন্ম পোৱা এটা সুকীয়া অনুভৱেই হল মৰম বা প্ৰেম। মই ভাবোঁ, ইয়াতকৈ আৰু “মৰম”ৰ বেলেগ সংজ্ঞা নাই। অৱশ্যে এই মৰম বা প্ৰেম যে অকল দুগৰাকী প্রেমিক-প্ৰেমিকাৰ মাজত হোৱা প্ৰেমৰ অনুভূতি বা তেওঁলোকৰ দুখন হৃদয়ত জন্ম পোৱা প্ৰেম বা ভালপোৱাৰ এক সুকীয়া অনুভূতি তেনে নহয় । এই প্ৰেম বা মৰম আমাৰ মা-দেউতা, পতি-পত্নী, ককাই-ভাই, বাই-ভনী, বন্ধু-বান্ধৱী, আত্মীয় বা সম্পৰ্কীয় লোক, সহকৰ্মী বা আন কিছুমান ঘনিষ্ঠ লোকৰ প্ৰতিও সাধাৰণতে থাকে।couple 437968 480.webp এই মৰমৰ আকুলতাৰ বাবেই আমাৰ সমাজত এটা সুস্থিৰ পৰিৱেশে বিৰাজ কৰে আৰু আমাৰ মাজৰ সম্প্ৰীতিৰ এনাজৰী ডাল কটকটীয়া কৰি ৰখাত সহায় কৰে। ইয়াৰ শক্তি ইমানেই বেছি যে হিংসা, ঘৃণা আৰু বিদ্বেষেৰে জৰ্জৰিত পৰিবেশও মৰম আৰু প্ৰেমৰ শক্তিৰে প্রশমন কৰিব পাৰে। এটা কথা সদায় মনত ৰখা দৰকাৰ যে যদি আমি কাৰোবাৰ প্ৰতি ঘৃণা ভাৱ ৰাখো, তেন্তে আমাৰ সমাজখন অকল ঘৃণাৰেহে ভৰি পৰিব আৰু সমাজত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হব। আমেৰিকাৰ একসময়ৰ বিখ্যাত ৰাজনৈতিক নেতা, বেপ্টিষ্ট মিনিষ্টাৰ আৰু শান্তিৰ নোবেল বঁটা প্ৰাপ্ত মাৰ্টিন লুথাৰ কিং(কণিষ্ঠ)ৰ এটা উক্তিৰে এই গোটেই কথাখিনি খুব সুন্দৰকৈ বুজাই দিব বিচাৰিছোঁ। তেখেতে কৈছিল, “Darkness can’t drive out darkness; only light can do that. Hate cann’t drive out hate; only love can do that”। ইয়াৰ অর্থ এইয়ে যে এন্ধাৰে কেতিয়াও এন্ধাৰ আঁতৰাব নোৱাৰে, পোহৰেহে এই কাম কৰিব পাৰে। ঠিক সেইদৰে, ঘৃণাই কেতিয়াও ঘৃণা আঁতৰাব নোৱাৰে, অকল মৰমেহে সেই ঘৃণা নাইকীয়া কৰিব পাৰে। গতিকে, আমি নিশ্চয়কৈ অনুমান কৰিব পাৰো যে হিংসা আৰু ঘৃণাৰে জৰ্জৰিত এখন সমাজ সংস্কাৰ কৰাত, এই মৰমে কিদৰে এক বিশেষ ভূমিকা পালন কৰিব পাৰে। এই বিশেষ মন্ত্ৰ লৈয়েই মই সদায় আপোনজনক বা বন্ধু-বান্ধৱী বা আত্মীয়জনক আন্তৰিকতাৰে ভাল পাবলৈ, তেওঁলোকৰ প্ৰতি সদায় এটা ভাল ভাৱ ৰাখি সহায় কৰিবলৈ প্ৰায়েই যত্ন কৰি আহিছোঁ। মই এটা কথা সদায় বিশ্বাস কৰো যে মৰম আৰু হৃদয়ৰ আকুলতাই মানুহৰ মনত আনন্দ আৰু প্ৰশান্তি দি সকলোকে একত্ৰিত কৰি সম্পৰ্কৰ এনাজৰী ডাল মজবুত কৰি ৰাখে। সেয়েহে, মই মোৰ বন্ধু-বান্ধৱী, সম্পর্কীয় বা সহকৰ্মী সকলক খুব বিশ্বাস কৰি সদায় এটা ভাল সম্পৰ্ক আৰু সদভাৱ ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰোঁ। কিন্তু, কেতিয়াবা কেতিয়াবা মোৰ এনে ধাৰণা ভুল বুলি প্ৰমাণ হয়, যেতিয়া মই খুব ঘনিষ্ঠ বুলি ভবা বহু বন্ধু-বান্ধৱী, সহকৰ্মীয়ে হঠাতে যেতিয়া মোৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰত লিপ্ত হয় অথবা কিবা বিপদত পেলাবলৈ কু-মন্ত্ৰণা ৰচনা কৰে। এক কথাত কবলৈ গলে এনে লোক সকলে আপোনাৰ বা মোৰ সৈতে একেলগে সহবাস কৰে অথচ তেওঁলোকৰ ঠেক মানসিকতাৰ কথা আমি ভালদৰে নাজানো। এই লোক সকলে আপোনাৰ বা মোৰ লগত চৌবিছ ঘণ্টাই থাকি পাছত আমাৰেই অনিষ্ট কৰিবলৈ যেতিয়া চেষ্টা চলায়, তেতিয়া আপুনি এই সকল লোকক কি বুলি আখ্যা দিব! বন্ধু নে শত্ৰু? নিঃসন্দেহে শত্ৰু। কেতিয়াবা ভাবিলে আচৰিত লাগে যে একালৰ বহু ঘনিষ্ঠ বন্ধু বা বিশ্বাসভাজন বুলি ভবা লোক, যিসকলক আপুনি বা মই হৃদয় আৰু প্ৰাণ ভৰি ভাল পাইছিলো, বিপদৰ বেলিকা বিনা স্বাৰ্থত সহায় কৰিছিলোঁ, সেইসকলেই যে আপোনাৰ বা মোৰ বিৰূদ্ধে এদিন কিবা অভিসন্ধি বা কু-মন্ত্ৰনা ৰচনা কৰিব পাৰে! যেতিয়া আমি তেওঁলোকৰ কু-চৰিত্ৰ আৰু কু-কৰ্মৰ বিষয়ে গম পাওঁ, তেতিয়া আমাৰ বহু পলম হৈ গৈ আমাৰ জীৱনলৈ বিপদ আৰু শংকা নামি আনিব পাৰে। এনে বহু সঁচা ঘটনা বোধকৰোঁ আমাৰ বহুতৰ জীৱনত সংঘটিত হৈয়ে আছে। গতিকে, আজিকালি মানুহক সহজতে চিনি পোৱাটো বা বিশ্বাস কৰাটো পৰ্বতত কাছ কণী বিচৰাৰ দৰে এটা বিৰল ঘটনাৰ দৰে। এটা কথা মোৰ মনলৈ সদায় আহে যে এচাম মানুহে কিয় আনৰ বিৰুদ্ধে ইমান বেয়া চিন্তা কৰে বা অপকাৰ কৰিবলৈ চেষ্টা কৰে! কেৱল আনৰ দোষ গুণবোৰ কুকুৰাই জাৱৰ খুচৰি ফুৰাৰ দৰে খুচৰি ফুৰি এক আসুৰিক তৃপ্তি লাভ কৰাটোৱেই তেওঁলোকৰ একমাত্ৰ উদেশ্য নেকি? children love 8271414 e1669989158221এজন লোকৰ অনুপস্থিত তেওঁৰ বিৰুদ্ধে বেয়া সমালোচনা কৰা বা তেওঁৰ বিৰুদ্ধে শত্ৰুতা কৰাটো কোনোবা বিশ্বাসভাজন বুলি ভবা লোকৰ কাম হোৱাটো আপুনি ভাবিব পাৰেনে ? নিশ্চয়কৈ কেতিয়াও নোৱাৰে। কিন্তু, মনত দুখ লাগে যেতিয়া আপোনাৰ অনুপস্থিতত আপোনাৰেই প্ৰতিবেশী বা আপোনাৰেই একালৰ বিশ্বাসী বন্ধু বা সহকৰ্মীয়ে আপোনাৰ বিৰুদ্ধে বৈৰী ভাব প্ৰকাশ কৰে। এনে লোকসকলে কিন্তু নিজৰ বিপদৰ সময়ত আপোনাৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখি, পাছত আপোনাৰেই গলত কামুৰিবলৈ উঠি পৰি লগা দেখা যায়। এনেবোৰ ঘটনাৰ বাবেই মানুহৰ মাজত থকা মৰম, ভাল পোৱা, আন্তৰিকতা, বিশ্বাস, সম্পৰ্ক আদি শব্দবোৰ যেন লাহে লাহে অর্থহীন হৈ পৰিছে। তথাপিও মই কওঁ যে কেতিয়াও কাৰো প্ৰতি কোনো বেয়া ভাব বা বেয়া চিন্তা কৰিব নাপায়। সেয়েহে মই সদায় আন্তৰিকতাৰে লগতে মৰম, স্নেহ আৰু মিলাপ্ৰীতিৰে সকলোৰে সৈতে বসবাস কৰিবলৈ যত্ন কৰোঁ। কাৰণ নিজৰ সুখ-দুখবোৰ আপোনজনৰ লগত ভাগ বাটোৱাৰা কৰি‌ যি আনন্দ পোৱা যায়, সেয়া সঁচাকৈ এক বুজাব নোৱাৰা এটা আত্মসন্তুষ্টি। মই জীৱনত বহু তিতা মিঠা অভিজ্ঞতাৰ সাক্ষীৰে জীৱনৰ কাঁইটীয়া পথটি মসৃণ কৰি আগুৱাই গৈ আছোঁ। জীৱনত কিবা সফলতা পাইছো যদিও বেছি উৎফুল্লিত হোৱা নাই বা নাইপোৱা যদিও মনত কোনো দুখ বা আক্ষেপ নাই।এটা কথা মই লক্ষ্য কৰো যে এচাম লোকে সদায় মানুহক পিছফালৰ পৰা তিৰস্কাৰ, লাঞ্ছনা, সমালোচনা কৰিব বিচাৰে। কিন্তু, সন্মুখলৈ আহি কেতিয়াও যুক্তি তৰ্কত লিপ্ত হবলৈ সাহস কৰিব নোৱাৰে। এই সকল লোকক মই কাপুৰুষ বুলি কব বিচাৰো। মানুহৰ ভুল হোৱাটো স্বাভাৱিক। মোৰো ভুলবোৰ যদি কোনোবাই আঙুলিয়াই দিয়ে, তেন্তে মই সেয়া স্বীকাৰ কৰি সদায় শুধৰাবলৈ চেষ্টা কৰিব বিচাৰোঁ। সেইকণ সৎ সাহস মই সদায় কঢ়িয়াই লৈ ফুৰো। এটা স্পষ্টবাদী আৰু ধনাত্মক মনোভাৱেৰে মই সদায় বিভিন্ন সামাজিক আৰু চৰকাৰী কামবোৰ কৰি আহিছোঁ। কাকো, তৈল মৰ্দন বা তোষামোদ নকৰাকৈ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আহিছোঁ। কাৰোৰে প্ৰতি মনত ঈৰ্ষা ভাৱ নাৰাখোঁ। পাৰো যদি কাৰোবাক সহায় কৰিছো, কিন্তু কেতিয়াও কাকো অপকাৰ কৰিবলৈ চেষ্টা কৰা নাই। মোক যদি কোনোবাই অপকাৰ কৰিবলৈ চেষ্টা কৰিছে বা কিবা অভিসন্ধি ৰচনা কৰিছে, তেন্তে তেওঁৰ প্ৰতিও মোৰ কোনো বেয়া ভাব নাৰাখো। কাৰণ, যীচু খ্ৰীষ্টই কৈ যোৱাৰ দৰে, মইও পাপক ঘিণ কৰোঁ, পাপীক নহয়। নিজৰ সীমিত জ্ঞানেৰে মানুহৰ মাজত অকণমান পোহৰ বিলাবলৈ সদায় চেষ্টা কৰোঁ এটা জোনাকী পৰুৱাৰ দৰে। যিদৰে নিশা কোনো পথভ্রষ্ট পথিকে জোনাকী পৰুৱাৰ অকণমান পোহৰেৰে নিজৰ সঠিক পথ বিচাৰি পায়। কিন্তু, এটা কথা অকপতে স্বীকাৰ কৰিবই লাগিব যে চলে, বলে, কৌশলে আনক লেং মাৰি আগবাঢ়ি যোৱাটোৱেই আজিৰ দিনত এটা নিয়মত পৰিণত হৈছে। গতিকে এনে দৌৰত আমি সকলো নামি পৰিছো। এই দৌৰত নিজৰ দক্ষতা, অভিজ্ঞতা আৰু জ্ঞানো কেতিয়াবা কেতিয়াবা মূল্যহীন হৈ পৰে। মুঠতে, কিবা প্রকাৰে আমি এই দৌৰত জয়ী হব লাগে। কিন্তু, মোৰ মনত সদায় দোলা দি থকা কথাটো হল যে এই জীৱন তেনেই ক্ষন্তেকীয়া। গতিকে, এই ক্ষন্তেকীয়া সময় খিনিত কিয় আমি নিজৰ অভিমান, অহংকাৰ, ঘৃণা আদি ত্যাগ কৰি, মিলাপ্ৰীতিৰে আমাৰ মৰম-ভালপোৱা,আনন্দবোৰ ইজন-সিজনৰ মাজত বিলাই শান্তিৰে বসবাস কৰিবলৈ অকণো চেষ্টা কৰিব নোৱাৰো! গতিকে, আহকচোন আমি সকলোৱে অকণমান ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি হিংসা, ঘৃণাৰ পৰিবৰ্তে মৰমেৰে মানুহৰ হৃদয় জয় কৰিবলৈ অলপ চেষ্টা কৰোঁ।

ঠিকনাঃ বৰবিল নং:২ ডিগবৈ, ফোন:৯৪৩৫০৩৫১৭৭ তিনিচুকীয়া

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More