মৰিগাঁৱৰ দুজন সাংবাদিকক গ্ৰেপ্তাৰঃ অসম বাৰ্তাজীৱী সংঘৰ কঠোৰ গৰিহণা

0 36

গুৱাহাটী:২৬জুলাই:মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ দুগৰাকী সাংবাদিক ক্ৰমে নচিদুৰ ৰহমান আৰু মোস্তাফিজুৰ আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক অসম বাৰ্তাজীৱী সংঘই তীব্ৰ ভাষাৰে গৰিহণা দিছে।সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰিৰ আলম লৈ মৈৰাবাৰীৰ থানাৰ আৰক্ষীয়ে প্ৰথমে ফোন যোগে ভাবুকি আৰু তাৰ দুয়োগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্যক অগণতান্ত্ৰিক আখ্যা দি এক প্ৰেছ বিবৃতিৰ জড়িয়তে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকন আৰু সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাই এই ক্ষেত্ৰত মৰিগাঁও আৰক্ষীক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় লগতে এই ক্ষেত্ৰত বিষয়টো আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰো দৃষ্টিগোচৰ কৰে।দুয়োগৰাকী সাংবাদিকৰ গ্ৰেপ্তাৰৰ ঘটনাই আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপিত হোৱা বুলি সংঘই অভিযোগ কৰি এই ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনায়। শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বাতৰিৰ গইনা লৈ আৰক্ষীয়ে পক্ষপাতিত্বমূলক ভাৱে গোচৰ ৰুজু কৰি সাংবাদিকৰ ওপৰত হাৰাশাস্তি কৰা বিষয়টো বাৰ্তাজীৱী সংঘৰ দৃষ্টিগোচৰ হোৱা পৰিলক্ষিত হোৱা বুলি লগতে বিবৃতিটোত উল্লেখ কৰি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক সাংবাদিকৰ সুৰক্ষা আৰু হাৰাশাস্তিৰ বিষয়টোৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনায়।আনহাতে, এই ঘটনাক অসম বাৰ্তাজীৱী সংঘৰ উত্তৰ-পূব মণ্ডলৰ উপ-সভাপতি অখিল চন্দ্ৰ দাস, বাৰ্তাজীৱী সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি কনক হাজৰিকা আৰু ভাস্কৰজ্যোতি মেধিয়ে তীব্ৰ ভাষাৰে গৰিহণা দি এই ঘটনাৰ এক ন্যায়িক তদন্তৰ দাবী জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More