যোগানমন্ত্ৰী আৰু যোগান বিভাগৰ মৃত্যু ঘোষণা যুৱ ছাত্ৰ পৰিষদৰ

সাঙি উটুৱালে ব্ৰহ্মপুত্ৰত

0 14

 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৬জুলাইঃ চাউলকে ধৰি সকলো খাদ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ লগতে ৰন্ধন গেছ,বিদ্যুৎ মাছুল আদিৰ অকল্পনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক৷ এনে সময়ত ৰাজ্যৰ যোগানমন্ত্ৰী গৰাকীৰ দায়িত্বহীন মন্তব্য আৰু যোগানবিভাগৰ অস্তিত্বহীন অৱস্থাক আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতীকী ভাবে দেহাৱসান ঘটা বুলি মন্তব্য কৰাৰ লগতে দুয়োৰে শ্মশান যাত্ৰা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷আজি তেজপুৰ চহৰৰ মাজেৰে সাঙি কঢ়িয়াই লগতে ৰন্ধন গেছৰ চিলিণ্ডাৰলৈ তথা হাতে-হাতে আলু-পিঁয়াজৰ মালা, লৈ তেজপুৰ চহৰৰ মাজেৰে যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিয়ে শ্মশান যাত্ৰাৰ ৰূপত এক প্ৰতিবাদী সমদল বাহিৰ কৰে৷ তেজপুৰৰ নেহৰু ময়দানস্হিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষৰ পৰা যোগানমন্ত্ৰী আৰু যোগানবিভাগৰ প্ৰতীকী শৱদেহ কান্ধত তুলি যুৱ ছাত্ৰ পৰিষদৰ নেতা কৰ্মীয়ে তেজপুৰ ৰাজপথৰে সমদল কৰি পিছত জাহাজঘাটত লুইতৰ বুকুত এই সাঙি উটুৱাই দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More