লক্ষ্য নিৰ্ধাৰণৰ বাবে কেৰিয়াৰ সজাগতা শীৰ্ষক  আলোচনা চক্ৰ সম্পন্ন

0 59

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৫ নৱেম্বৰঃ অসম ডন বস্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ উদ্যোগত “লক্ষ্য নিৰ্ধাৰণৰ বাবে কেৰিয়াৰ সজাগতা (Career awareness for goal setting)” শীৰ্ষক এখন আলোচনা চক্ৰ আজি অনুষ্ঠিত হয়। আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই। তেওঁ লক্ষ্য নিৰ্ধাৰণৰ বাবে সঠিক কেৰিয়াৰ পথ কেনেকৈ বাছি  ল’ব লাগে সেই বিষয়ে আলোচনা কৰে ৷ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা শিক্ষাৰ্থীসকলে কেনেকৈ এটা সফল কেৰিয়াৰ গঢ়ি তুলিব পাৰে সেই বিষয়ে তেওঁ ব্যাখ্যা কৰে। আলোচনা চক্ৰখনত যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক লীনা এইছ নেমাদে, পল্লৱ গগৈ, প্ৰাঞ্জল শৰ্মা, হৰজিৎ দাস আৰু কমলদীপ কলিতাইও বক্তব্য ৰাখে। আলোচনা চক্ৰখনৰ শেষত শিক্ষাৰ্থীসকলে মতামত প্রকাশ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More