লখিমপুৰত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে প্ৰশিক্ষণ

0 24

উত্তৰ লখিমপুৰ, ৬আগষ্ট : অহা ২০ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া ‘অৰুণোদয় মাহ’ উপলক্ষে আজি উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষণ দলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।জিলা উন্নয়ন আয়ুক্ত মনোজ বৰুৱাই আঁত ধৰা অনুষ্ঠানত তেওঁ কয় যে অসমৰ ২০ লাখ দৰিদ্ৰ মহিলাক উপকৃত কৰাৰ উদ্দেশ্যে ২০২০ চনৰ বাজেটত অৰুণোদয় আঁচনি গ্ৰহণ কৰা হৈছিল। মহিলাসকলৰ পৰিপুষ্টি সুনিশ্চিত কৰি আৰ্থিকভাৱে তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ বাবে এই আঁচনিখনক ভেটি হিচাপে গ্ৰহণ কৰা হৈছিল। তেওঁ কয় যে দেশৰ ভিতৰতে সৰ্ববৃহৎ মহিলা সবলীকৰণ আঁচনি অৰুণোদয় ৰূপায়ন হোৱা তিনিবছৰ পাৰ হ’ল, সেয়ে চৰকাৰে তিনি বছৰত কোনো লোকৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আঁচনিখনৰ নবীকৰণৰ প্ৰয়োজন অনুভৱ কৰিছে । যোগ্য লোকসকলে এই আঁচনিৰ সুবিধাৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে অযোগ্য লোকসকলক স্বেচ্ছাই এই সুবিধা ত্যাগ কৰিবলৈ তেওঁ আহ্বান জনায় কয় যে এই পৰীক্ষণ ব্যৱস্থাৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীৰ বাসগৃহত গৈ পৰীক্ষা কৰা হ’ব । ইয়াত জড়িত হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয় যে এই কাৰ্যসূচী তেওঁলোকৰ বাবে এটা ডাঙৰ অভিজ্ঞতা হ’ব আৰু সমাজৰ প্ৰতি শিক্ষাৰ্থীসকলৰ ই এক দায়বদ্ধতা। পৰীক্ষা কৰিবলৈ যাওঁতে পৰিয়ালটোৰ সৈতে যোগাত্মক মনোভাবেৰে ভাল আচৰণ কৰিবলৈও তেওঁ পৰীক্ষণ দলসমূহৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে চৰকাৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে ব্যয় কৰা প্ৰতিটো টকাৰ সদব্যৱহাৰ হ’ব লাগিব । তেতিয়াহে এই আঁচনিসমূহৰ ৰূপায়ন সফল হ’ব বুলি তেওঁ কয় । অনুষ্ঠানত উপায়ুক্ত সুমিত সত্তাৱানে কয় যে এই পৰীক্ষণ নিৰপেক্ষ হ’ব লাগিব । ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পৰীক্ষণ প্ৰক্ৰিয়া এটা ডাঙৰ শিক্ষা হ’ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ সততা আৰু নিৰপেক্ষতাৰ ওপৰত বিশ্বাস ৰাখিছে । চিৰাচৰিত শিক্ষা ব্যৱস্থাৰ বাহিৰত শিক্ষা গ্ৰহণৰ ই এক মাধ্যম হ’ব বুলি তেওঁ উল্লেখ কৰে । ইয়াক শৈক্ষিক কাৰ্যসূচীৰে অন্যতম বুলি ধৰি লৈ আগবাঢ়িবলৈ তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায়। ইয়াৰ দ্বাৰা লাভ কৰিবলগীয়া ন্যূনতম বৰঙণিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মনত আত্মনিৰ্ভৰ হোৱাৰ এটা মানসিকতাৰো জন্ম হ’ব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত মাষ্টাৰ ট্ৰেইনাৰ,মৃদুল বৰগোঁহাই, ৰাতুল নেওগ, সাহিদুল আহমেদ, ৰূপম গগৈ আদিয়ে নিজৰ নিজৰ বক্তব্য আগবঢ়ায়। জিলাখনত মুঠ পৰ্যবেক্ষক ৯৭ জন আৰু ছাত্ৰ-ছাত্ৰী ৫২৮ জন অৰুণোদয় পৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More