লখিমপুৰত আৰক্ষীৰ চকুত ধূলি দি চোৰৰ টিঘিল ঘিলনি

প্ৰতি নিশাই সংঘটিত হৈছে গাড়ী-বাইক-বয় বস্তু চুৰি কাণ্ডঃ নিৰ্বিকাৰ আৰক্ষী

0 12
শতাব্দ প্ৰতনিধি‍, লখিমপুৰ, ২৬ এপ্ৰিলঃ বিগত কিছুদিন ধৰি লখিমপুৰ নগৰত চোৰৰ সঘন উপদ্ৰৱে সাধাৰণ জনতাৰ নিদ্ৰা হৰণ কৰিছে যদিও আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ লখিমপুৰ নগৰত এতিয়া প্ৰায়ে চুৰি কাৰ্য সংঘটিত হৈ আহিছে যদিও অপৰাধীক কৰায়ত্ত কৰাত আৰক্ষীয়ে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে৷ শেহতীয়াকৈ নগৰখনৰ আশে পাশে বিভিন্ন স্থানত গৃহস্থৰ বয়বস্তু চুৰিকে ধৰি গাড়ী-বাইক আদি চুৰি হৈ আহিছে যদিও আৰক্ষীয়ে চোৰ ধৰিবলৈ সক্ষম হোৱা নাই৷ দুদিন পূৰ্বে নগৰখনৰ পা ৰ্«ৱতী তথা হিন্দুগাঁৱত গগৈ উপাধিৰ এজন শিক্ষকৰ ঘৰত চোৰে লুটপাত চলাই বহু মূল্যবান সামগ্ৰীৰ লগতে নগদ ধন পৰ্যন্ত লৈ যায়৷ ঘৰত নিশা গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে এনে কাৰ্য সংঘটিত কৰে৷ ইফালে ২৪ এপ্ৰিলৰ নিশা নগৰখনৰ পূৱ প্ৰান্তৰ চুতীয়াকাৰী গাঁৱৰ সৌৰভ শইকীয়াৰ ঘৰৰ পৰা এখন ক’লা ৰঙৰ পালচাৰ বাইক চুৰি কৰি নিয়ে৷ চোৰে গেটৰ তলা ভাঙি এ এচ ০৭ পি ৪২০১ নম্বৰৰ পালচাৰ বাইকখন চুৰি কৰি নিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত বাইকৰ গৰাকীয়ে আৰক্ষীক ২৫ এপ্ৰিলত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে চোৰ অথবা বাইকখনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই৷ একেনিশাই চুতীয়াকাৰীৰ সমীপৱৰ্তী ৰংপুৰীয়াত চোৰে এখন দোকানত সোমাই সমস্ত বয়বস্তু লুটি নিয়ে৷ এনেদৰে লখিমপুৰ নগৰৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত নিশা নিশা বহু চুৰি কাণ্ড সংঘটিত হৈ আহিছে৷ আনকি চোৰে বিভিন্ন কৌশলেৰে লোৰ গেট খুলি বহুকেইখন বলেৰ’ বাহনৰ লগতে বাইক পৰ্যন্ত চুৰি কৰি আহিছে যদিও সেই অনুপাতে চোৰ ধৰা পৰা নাই আৰু আৰক্ষীয়েও চুৰি হোৱা বাহন সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ মুঠতে লখিমপুৰত এতিয়া চোৰে ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More