লখিমপুৰত উন্মোচন হল “জীৱনৰ সোণোৱালী পথৰ সন্ধানত”

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ নাতি, অৱসৰী শিক্ষক, অধিবক্তা মোহিনী মোহন গোহাঁই বৰুৱাৰ এখন মননশীল গ্ৰন্থ “জীৱনৰ সোণোৱালী পথৰ সন্ধানত” আজি শুভ উন্মোচন কৰা হয়। গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰা হয় নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত। সাংবাদিক জীৱন গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত  সমাজৰ বিভিন্ন ক্ষেত্রৰ  ভালেখিনি গণ্য মান্য ব্যক্তিৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰে লখিমপুৰ কৃষি গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী, প্ৰকৃতিপ্ৰেমী তথা পৰিবেশবিদ ড০ প্ৰৱাল শইকীয়াই। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাখনক এটি মংগলময় গীতেৰে জীপাল কৰি তোলে কণমানি দিতিমণি গোস্বামীয়ে। অনুষ্ঠানটোত গ্ৰন্থ প্ৰকাশৰ বাবে বিবেকৰ তাগিদাৰ কথা প্ৰকাশ কৰি গ্ৰন্থখনৰ ৰচক মোহিনী মোহন গোহাঞিবৰুৱাই কয় সমাজৰ হকে, সমাজখনৰ উঠি অহা প্ৰজন্মক সঠিক পথেৰে আগুৱাই নিয়াৰ বাবে এই গ্ৰন্থখন তেঁও লিখিছে। আধুনিকতাৰ ধামখুমীয়াত জীৱনৰ পথ মসৃণতাৰ পৰা বিচ্যুৎ হৈছে। কেতবোৰ সঠিক পথৰ সন্ধান দিবলৈ এই গ্ৰন্থখন ৰচনা কৰি সমাজ শৃংখলাৰ পথত তেঁও অকণমান অৱদান যোগাব বিচাৰিছে। শুভেচ্ছা মূলক ভাষণত প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাই বস্তবাদী সমাজখনৰ চৌদিশে ভৰি থকা ভোগ প্ৰাচুৰ্যতাত নিমজ্জিত হোৱাৰ পৰা আঁতৰি গাঁঠিৰ ধন ভাঙি গ্ৰন্থ প্ৰকাশেৰে সমাজৰ হিত সাধনত অংশীদাৰ হোৱা মোহিনী মোহন গোহাঞিবৰুৱাৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। যশস্বী লেখকৰ গল্পই সমাজলৈ দিয়া বাৰ্তাক উল্লেখ কৰি তেওঁ সকলোৰে গ্ৰন্থৰ প্ৰতি আদৰ কামনা কৰে। গ্ৰন্থখন উন্মোচন কৰি ড০ প্ৰৱাল শইকীয়াই লেখকক ভূয়সী প্ৰশংসা কৰে। সমাজ জীৱনক আলোকিত কৰিব পৰা গ্ৰন্থ প্ৰকাশ কৰি লেখক গৰাকীয়ে সমাজ জীৱন, সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা বুলি তেঁও উল্লেখ কৰে। সাম্প্রতিক সময়ত এন্দ্ৰইড মোবাইলৰ চফটৱেৰে অধিকাংশৰ মন মগজু আছন্ন কৰি ৰখাৰ পৰিবেশটো উদ্বেগেৰে প্ৰকাশ কৰি উন্মোচন গৰাকীয়ে এই ক্ষেত্ৰত ভাল বেয়া সকলো দিশ চালিজাৰি চাবলৈ সকলোকে আহ্বান জনায়। গ্ৰন্থ এখনৰ পৰিকল্পনা কৰাৰ পৰা বিষয় বস্তুৰ নিৰ্বাচন, গ্ৰন্থখনে সমাজক দিব পৰা প্ৰভাৱ আৰু অৰ্থ নৈতিক দিশ সকলো সামৰি লেখক ৰ যি যন্ত্রণা হয় সেই সকলো মূৰ পাতি লৈ মোহিনী মোহন গোহাঞিবৰুৱা ই একক প্ৰচেষ্টাৰে সমাজ লৈ “জীৱনৰ সোণোৱালী পথৰ সন্ধানত” উপহাৰ দিয়াৰ বাবে তেওঁ লেখকক আন্তৰিক অভিনন্দন জনায়। গ্ৰন্থ উন্মোচনী সভাখনত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰমনি ৰাজকুমাৰ, অধিবক্তা অৰূপ কলিতা,নুপূৰ গগৈ, প্ৰাক্তন অধ্যক্ষ নাৱাজ আহমেদ বৰবৰুৱা, অনুমা শইকীয়া, প্ৰবক্তা দিগন্ত দাসকে ধৰি ভালেখিনি গণ্য মান্য ব্যক্তি ৰ লগতে  প্ৰেছ ক্লাবৰ সম্পাদক কৰুণা কৃষ্ণ নাথ, কাৰ্য্য কৰী সভাপতি দিপেন বৰা, সাংবাদিক সুদীপ্ত দাস আদি সাংবাদিক সকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More