লখিমপুৰত উপস্থিত গুৱাহাটীৰ চাইক্লিষ্ট

পথ সুৰক্ষা, বহনক্ষম যাতায়ত ব্যৱস্থা আদিৰ সজাগতামূলক বাৰ্তাৰে চাইকেলেৰে অসম ভ্ৰমণ

0 30

লখিমপুৰ, ২৭ জুন: ইতিবাচক বাৰ্তা আৰু জনসাধাৰণক সজাগ কৰাৰ মানসেৰে সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ লখিমপুৰত কালি ২৬ জুনত আহি উপস্হিত হয় গুৱাহাটীৰ এগৰাকী বিশিষ্ট চাইক্লিষ্ট। গুৱাহাটীৰ বাইচাইকেল মেয়ৰ তথা পেডেল ফৰ এ চেঞ্জ তথা গ্ৰীণ এণ্ড এক্টিভ ম’বিলিটি ফ’ৰামৰ সহঃপ্ৰতিষ্ঠাপক আৰ্ছেল আখতাৰে ১৩ জুনত গুৱাহাটীৰ পৰা অকলে চাইকেলেৰে অসম ভ্ৰমণ আৰম্ভ কৰে৷ পথ সুৰক্ষা, যান বাহন আইন, বহনক্ষম যাতায়ত ব্যৱস্থা,(Sustainable Transportation), জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰশমন আদি বিভিন্ন ইতিবাচক বাৰ্তা কঢ়িয়াই এই যাত্ৰা কৰি আছে চাইক্লিষ্ট গৰাকীয়ে ৷ গুৱাহাটীৰ পৰা আৰম্ভ কৰি গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাওঁ, বৰপেটা, নলবাৰী, মঙলদৈ, তেজপুৰ, বিশ্বনাথ হৈ আহি লখিমপুৰত কালি উপস্থিত হৈ তেওঁ নিশাটো লখিমপুৰতে জিৰণি লৈ আজি ধেমাজী অভিমুখে যাত্ৰা আৰম্ভ কৰে৷ লখিমপুৰৰ চাইক্লিং অনুষ্ঠানৰ সদস্যসকলে চাইক্লিষ্ট গৰাকীক চহৰখনলৈ আদৰণী জনায় ৷ তেওঁ জানিবলৈ দিয়ে যে ৩০ দিনীয়া এই চাইকেল যাত্ৰাৰ সময়ছোৱাত অসমৰ ৩১ খন জিলা ভ্ৰমণ কৰিব। কেবল দিনৰ ভাগতহে যাত্ৰা কৰা আখতাৰে ধেমাজী পৰা ডিব্ৰুগড় হৈ তিনচুকীয়া, দুলীয়াজান, সোনাৰি, শিৱসাগৰ, যোৰহাটৰ পিছত মাজুলীৰ গড়মূৰ, গোলাঘাটলৈ যাব। পৰবৰ্তী পৰ্য্যায়ত ডিফু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, শিলচৰ, হাফলং, হামৰেন, নগাওঁ, মৰিগাওঁ হৈ গুৱাহাটীত যাত্ৰাৰ সামৰণি পৰিব। দীৰ্ঘদিন ধৰি এগৰাকী চাইক্লিষ্ট হিচাপে অভিজ্ঞতাপুষ্ট আখতাৰে যাত্ৰাপথৰ বিভিন্ন ঠাইত চাইক্লিং অনুষ্ঠানৰ সদস্য, স্হানীয় দল-সংগঠনৰ বিষয়ববীয়া, স্হানীয় নাগৰিক আৰু সংবাদমাধ্যমৰ সৈতে মত বিনিময়ৰ মাধ্যমেৰে এই যাত্ৰাৰ লক্ষ্য, উদ্দেশ্য, ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব আৰু পথ সুৰক্ষা, বহনক্ষম যাতায়াত আৰু জলবায়ু পৰিৱৰ্তন তথা প্ৰকৃতি সংৰক্ষণ আদিৰ ক্ষেত্ৰত সজাগ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিব বুলি দৈনিক অসমক জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More