লখিমপুৰত নদীৰ বুকুত ৩১ লাখ টকীয়া ‘অমৃত সৰোবৰ’ নিৰ্মাণ

চৰকাৰী নিৰ্দেশনা উলংঘা কৰি লাখ লাখ টকা লুণ্ঠনৰ কৌশল

0 40

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১ জুন ঃ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে অমৃত সৰোবৰ নামৰ চৰকাৰী পুখুৰী খন্দাৰ আঁচনি গ্ৰহণ কৰাৰ সময়তে লখিমপুৰত নদীৰ বুকুত অমৃত সৰোবৰ নিৰ্মাণ কৰা কাৰ্যই ৰাইজৰ চকু কপালত তুলিছে৷ WhatsApp Image 2023 06 01 at 6.56.36 PMমুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা এনে পুখুৰীসমূহ নিৰ্মাণৰ ক্ষেত্ৰত লখিমপুৰত ব্যাপক ৰূপত চৰকাৰী নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ লখিমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত উজ্জ্বলপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ কাকৈ ৰাজগড়ৰ সমীপৱৰ্তী ৰাজগড় বঙালীত কাকৈ নদীৰ বুকুত এনেদৰে দুটা পৰ্যায়ত অমৃত সৰোবৰ নামৰ পুখুৰী খান্দি চৰকাৰী ধনৰ ব্যাপক অপচয় কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি চলিত বৰ্ষত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য বিকাশ যোজনাৰ অধীনত ৰাজগড় বঙালীত পাৰ্ট- ১ আৰু পাৰ্ট- ২ নামেৰে দুটাকৈ বৃহৎ বৃহৎ পুখুৰী [অমৃত সৰোবৰ] নিৰ্মাণ কৰা হয়৷ চৰকাৰী নিৰ্দেশনা অনুসৰি নদীৰ বক্ষত কোনো কাৰণতে এনে পুখুৰী খান্দিব নোৱাৰে যদিও ৰহস্যজনক কাৰণত মীন বিভাগ, কৃষি বিভাগ আদিয়ে যৌথ ভাৱে উক্ত স্থানত অমৃত সৰোবৰ নিৰ্মাণৰ অনুমতি প্ৰদান কৰাত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ অধীনত লখিমপুৰ উন্নয়ন খণ্ডই ভেণ্ডৰৰ জৰিয়তে এনে পুখুৰী নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰে৷ বাৰিষা এজাক ঢল আহিলেই এনে পুখুৰীৰ পাৰ ভাঙি নিয়াৰ সম্ভাৱনা থকা কাকৈ নদীৰ বক্ষত এনেদৰে অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ ইতিমধ্যে পাৰ্ট- ১১ পুখুৰীটোৰ নামত ৩০ শতাংশ ধন ওলাই গৈছে৷ ইয়াৰে পাৰ্ট- ১১ পুখুৰীটোৰ বিপৰীতে ১৮ লাখ ৩৩ হাজাৰ টকা ধাৰ্য কৰাৰ বিপৰীতে পাৰ্ট- ২১ পুখুৰীটোত ১৩ লাখ টকা ধাৰ্য কৰা হৈছে৷ তাৎপৰ্যপূৰ্ণ কথা যে উক্ত স্থানত পুখুৰী নিৰ্মাণৰ বাবে সম্পূৰ্ণ ডি পি আৰ অনুমোদন নোহোৱাকৈ লখিমপুৰ উন্নয়ন খণ্ডই কেনেদৰে পুখুৰী নিৰ্মাণ কৰিছে তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে৷ এনে সৰোবৰৰ পাৰত তিনি শাৰীকৈ গছপুলি ৰূপন কৰিব লাগে যদিও সেই পুলি এতিয়ালৈকে ৰোপণ কৰা হোৱা নাই৷ একেদৰে পুখুৰীৰ পাৰত ষ্ট্ৰীট লাইট আৰু ৰখীয়া থকা ঘৰ নিৰ্মাণৰো ব্যৱস্থা আছে যদিও সেয়াও এই পৰ্যন্ত হোৱা নাই৷ এনেদৰে নদীৰ বুকুত অমৃত সৰোবৰ নিৰ্মাণ কৰি চৰকাৰী ধনৰ অপচয় কৰাৰ অন্তৰালত কাৰ স্বাৰ্থ লুকাই আছে সেয়াও বিচাৰ্যৰ বিষয়৷ কিয়নো ৰাজগড় বঙালীত কাকৈ নদীৰ বক্ষত যি দুটাকৈ পুখুৰী খন্দা হৈছে সেই পুখুৰীৰ নিচেই কাষতে আছে জলসম্পদ-গ্ৰামোন্নয়ন বিভাগে গৰাখহনীয়া আৰু নদীৰ গতিপথ ৰোধৰ বাবে স্থাপন কৰা একাংশ পাৰ্কিউপাইন৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More