তিনিচুকীয়াৰ বস্তাত বহি পাঠ গ্ৰহণ কণ কণ ছাত্ৰ-ছাত্ৰীৰ

বাগিছা অঞ্চলত নিৰ্মাণ কৰা মডেল স্কুলত নাই বেঞ্চডেস্ক

0 18

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুন : বিজেপি চৰকাৰে চাহ বাগিছা অঞ্চলত নিৰ্মাণ কৰা মডেল স্কুল বা আদর্শ বিদ্যালয়ৰ পৰা দৰিদ্ৰ ছাত্ৰছাত্ৰীসকল তিলমানো উপকৃত হোৱা নাই ৷ কোনো পৰিকল্পনা নোহোৱাকৈ এই বিদ্যালয়সমূহ নিৰ্মাণ কৰাৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি, চাবুৱাৰ প্ৰাক্তন বিধায়ক তথা অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৱে ৷ আজি এক বিবৃতিত তেওঁ কয় যে বাগিছা অঞ্চলত নিৰ্মাণ কৰা মডেল স্কুলৰ পৰা দুখীয়া ছাত্ৰছাত্ৰীয়ে পঢ়াৰ ক্ষেত্ৰত অলপ হলেও সকাহ পাব বুলি ভবা হৈছিল ৷ যাৰ বাবে তেওঁলোকে সৰ্বসাধাৰণ ৰাইজৰ ফালৰ পৰা চৰকাৰক ধন্যবাদ দিছিল ৷ কিন্তু অতি দুখৰ বিষয় যে প্ৰায় সংখ্যক স্কুল বিজেপি চৰকাৰৰ ঘনিষ্ঠ ঠিকাদাৰে নিজৰ সুবিধা অনুযায়ী নির্মান কৰিলে । য’ত হব লাগিছিল তাত স্কুল নিৰ্মান কৰা নহ’ল ৷ শ শ কোটি টকা ব্যয় কৰি কেৱল ঠিকাদাৰৰ স্বাৰ্থতে মডেল স্কুল নির্মান কৰা হ’ল বুলি উল্লেখ কৰি চাহুৱে কয় যে এতিয়াও বহু মডেল স্কুলৰ কাম সম্পূর্ণ হোৱা নাই । যিসমূহ মডেল স্কুল নিৰ্মাণ হ’ল তাৰ বেছিভাগতে ছাত্রছাত্রীয়ে শিক্ষা গ্ৰহন কৰিবলৈ বেঞ্চডেস্কৰ অভাৱ ৷ কণকণ ছাত্রছাত্রীয়ে মাটিত বস্তা আদি পাৰি তাত বহি শিক্ষাগ্ৰহণ কৰে ৷ আনকি শিক্ষক, শিক্ষয়ত্ৰীসকলৰ বাবে বহিবলৈ চকী, টেবুল নাই ৷ বিদ্যালয়সমূত ছাত্রছাত্রীয়ে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৷ উল্লেখ যে তিনিচুকীয়া জিলাৰ শুকানপখুৰী আৰু চান্দমাৰী বাগিছাত থকা আদর্শ বিদ্যালয়ৰ অৱস্থা অতি শোচনীয়। ৷ শুকানপুখুৰী চাহ বাগিছাত বিদ্যুত সংযোগ কাটি দিয়াৰ ফলত উৎকট গৰমত শিক্ষক, শিক্ষয়ত্ৰীৰ লগতে ছাত্রছাত্রীসকলৰ অৱস্থা কি হৈছে সেয়া সহজেই অনুমেয় ৷ এ চি এম এছৰ পানীতোলা শাখাৰ সম্পাদকৰ দায়িত্বত থকা চাহুৱে কয় যে চৰকাৰে চাহ বাগিছা অঞ্চলত মডেল স্কুলৰ নামত কেৱল বিয়াগোম বিল্ডিং নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিলে ৷ চাহ বাগিছাৰ দুখীয়া ছাত্ৰছাত্ৰীয়ে যাতে উপযুক্ত শিক্ষা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহনৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ জনগোষ্ঠীটোৰ মন্ত্ৰী, বিধায়কৰ এইবোৰ চকুত নপৰে নেকি বুলি তীব্ৰ ক্ষোভ উজাৰি চাহুৱে শীঘ্ৰে এই সমস্যা সমাধানৰ দাবী জনাইছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More