লখিমপুৰত নিশা ছাগলী চোৰে যুৱকক হত্যা কৰা ঘটনাক লৈ উত্তপ্ত লখিমপুৰ

হত্যাকাৰীক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীত থানা ঘেৰাও-পথ অৱৰোধঃ দুই চোৰক গ্ৰেপ্তাৰ

0 32

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ WhatsApp Image 2023 07 29 at 6.12.35 PM 1লখিমপুৰ নগৰৰ পাশ্বৱৰ্তী বগলীজানৰ গোৱৰীশালিত যোৱা নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ নিশা ছাগলী চোৰ কৰিবলৈ অহা চোৰে এজন যুৱকক হত্যা কৰা কাৰ্যক লৈ আজি লখিমপুৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উত্তেজিত লোকে পথ অৱৰোধ কৰি প্ৰতিবাদ জনোৱাৰ লগতে হত্যাকাৰীক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীত উত্তৰ লখিমপুৰ সদৰ থানাত বিয়লি উত্তেজিত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে শুক্ৰবাৰে নিশা ১১ মান বজাত বগলীজানৰ গোৱৰীশালিৰ দুলাল শইকীয়াৰ ঘৰৰ পৰা বাইকত অহা দুটা চোৰে এটা ছাগলী চুৰি কৰি নিয়াৰ সময়তে দুলাল শইকীয়াৰ ভাতৃ বকুল শইকীয়াৰ পুত্ৰ তেজপুৰ আই টি আইত অধ্যয়নৰত প্ৰণৱ শইকীয়া [২৫]ই চোৰৰ দলটোক পিছে পিছে খেদি যায়৷ প্ৰণৱ শইকীয়াই এটা চোৰক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰাৰ সময়ত চোৰ দুটাই প্ৰণৱ শইকীয়াক চুৰিকাঘাত কৰি হত্যা কৰে৷ দুলাল শইকীয়া ঘৰৰ পৰা কিছু নিলগৰ ৰঙানদী মঙাউৰি সমীপত চোৰ দুটাৰ লগত প্ৰণৱ শইকীয়াৰ হতাহতি হোৱাৰ ফলতে এই ঘটনা সংঘটিত হয়৷ চোৰ দুটাই ঘটনাস্থলীতে এ এচ ০৭ এছ ৭২৯৩ নম্বৰৰ গ্লেমাৰ বাইকখনৰ লগতে ছাগলীটো এৰি থৈ যায়৷ এই ঘটনাৰ পিছতে আজি পুৱা ১১ বজাত নিকটৱৰ্তী কেবাখনো গাঁৱৰ ৰাইজ ওলাই আহি হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী জনাই লখিমপুৰৰ বাইপাছত [চাংমাই গাঁও] পথ অৱৰোধ কৰে৷ উচ্চ পদস্থ আৰক্ষী বিষয়া পথ অৱৰোধস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ত কৰা হ’ব বুলি আশ্বাস দিয়াত পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হয়৷ আনহাতে দুপৰীয়াই লখিমপুৰ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰা চোৰ দুটাক ৰাইজৰ হাতত গটাই দিয়াৰ দাবী তুলি আজি বিয়লি উত্তৰ লখিমপুৰ সদৰ থানাত শতাধিক লোক উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আৰক্ষীয়ে পৰিস্থিতি বিষম দেখি অভিযুক্ত লোককেইজনক সদৰথানাৰ ওপৰৰ মহলৰ পৰা ৰাইজক প্ৰত্যক্ষ কৰায়৷ ঘটনা অনুসৰি চোৰদ্বয়ে এৰি থৈ যোৱা গ্লেমাৰ মটৰ চাইকেলখনৰ নম্বৰ প্লেটৰ আঁতধৰি লখিমপুৰ নগৰৰ খেলমাটি আৰক্ষী চকীৰ অন্তৰ্গত চাপৰি গাঁৱৰ পৰা আইজুল ৰহমান, চফিক আলিক গ্ৰেপ্তাৰ কৰে৷ ধৃত চোৰ কেইটাই আৰক্ষীৰ জেৰাত যোৱানিশাৰ সমস্ত ঘটনা তেওঁলোকে সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে৷ ঘটনাস্থলীত উদ্ধাৰ হোৱা গ্লেমাৰ বাইকখনৰ গৰাকী হৈছে খেলমাটি থানাৰ অন্তৰ্গত আমিনা খাতুন৷ আমিনা খাতুনে ধনৰ অভাৱত প্ৰায় কুৰি দিনৰ পূৰ্বে ৩০ হাজাৰ টকাত উক্ত বাইকখন আইজুল ৰহমানক বন্ধকত দিছিল৷ চফিক আলি আৰু আইজুলে যোৱানিশা এই বাইকখন লৈয়ে বগলীজানত ছাগলী চুৰি কৰিবলৈ গৈছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More