লখিমপুৰত পঞ্চায়ত সচিব- সমন্বয়কক গ্ৰেপ্তাৰ

পঞ্চায়তৰ ধন আত্মসাৎ

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ জুলাইঃ গ্ৰামোন্নয়নৰ বাবে আৱণ্টিত ধন আত্মসাৎ কৰি এইবাৰ লখিমপুৰৰ পাভত গ্ৰেপ্তাৰ হৈছে পঞ্চায়ত সচিব-সমন্বয়ক৷ ধৃত পঞ্চায়ত সচিব আৰু সমন্বয়কজন হৈছে লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অন্তৰ্গত তথা কৰুণাবাৰী উন্নয়নখণ্ডৰ পাভ গাঁও পঞ্চায়তৰ৷ আজি পাভ গাঁও পঞ্চায়তৰ সচিব চাইফুদ্দিন আহমেদ আৰু সমন্বয়ক আফতাব আহমেদক বিহপুৰীয়া আৰক্ষীয়ে পঞ্চায়ত তথা চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে একেটা উন্নয়নখণ্ডৰে অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তৰ সচিব, জি পি চি আৰু এজন ৱাৰ্ড সদস্যক আৰক্ষীয়ে এনে কাৰণতে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ সময়তে আজি আকৌ আৰক্ষীৰ জালত পৰে পাভ গাঁও পঞ্চায়তৰ সচিব আৰু সমন্বয়কজন৷WhatsApp Image 2023 07 04 at 6.06.32 PM e1688480735984 প্ৰাপ্ত তথ্য অনুসৰি দীৰ্ঘদিন ধৰি পাভ গাঁও পঞ্চায়তৰ সচিব আৰু সভানেত্ৰী আজিদা বেগমে চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰি আহিছে৷ এই পৰ্যন্ত সভানেত্ৰী আজিদা বেগম গ্ৰেপ্তাৰ হোৱা নাই যদিও আৰক্ষীয়ে পঞ্চায়ত সচিব আৰু সমন্বয়কজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে পঞ্চায়তখনলৈ আৱণ্টন হোৱা ৭ লাখ ২০ হাজাৰ টকাৰে সামূহিক ভৱন নিৰ্মাণৰ বিপৰীতে নিজৰ বাসভৱন নিৰ্মাণ কৰে৷ একেদৰে ৱাৰ্ড সদস্যৰ ঘৰত ১ লাখ ৫০ হাজাৰ টকাৰ ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰাৰ বিপৰীতে পাভ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ মেৰামতিৰ নামত আৱণ্টিত ৮ লাখ টকাৰ ভিতৰত মাত্ৰ দুখনহে ফেন ক্ৰয় কৰাৰ লগতে পুৰণি কোঠা এটাত চিলিং লগাই বাকী সমূদায় ধন আত্মসাৎ কৰে৷ তেনেদৰে সভানেত্ৰী আৰু সচিবে মিলি শৰীৰ চৰ্চা কেন্দ্ৰৰ নামত আৱণ্টিত ১২ লাখ ৭৭ হাজাৰ টকাৰ ভিতৰত মাত্ৰ ৭-৮ বিধ মানহে শৰীৰ চৰ্চাৰ সামগ্ৰী ক্ৰয় কৰি বাকী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ পঞ্চায়তখনত বিভিন্ন আঁচনিৰ অধীনত আৱণ্টিত প্ৰায় ৮৬ লাখ টকাৰ বৃহৎ কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে৷ উল্লেখনীয় কথা যে পঞ্চায়তখনত সংঘটিত হৈ থকা এনে দুৰ্নীতিৰ বিৰুদ্ধে জিলা উপায়ুক্তই অভিযোগ লাভ কৰি তদন্তৰ ব্যৱস্থা কৰে৷ সেই মৰ্মে কৰুণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াই দাখিল কৰা আজাহাৰৰ ভিত্তিতে আজি বিহপুৰীয়া আৰক্ষীয়ে পাভ গাঁও পঞ্চায়তৰ সচিব আৰু সমন্বয়কক গ্ৰেপ্তাৰ কৰিছে যদিও এই পৰ্যন্ত সভানেত্ৰীক আৰক্ষীয়ে আটক কৰা নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More