লখিমপুৰত পি এম এ ৱাই গৃহ নিৰ্মাণৰ নামত সংঘটিত কেলেংকাৰিৰ ন ন তথ্য উন্মোচন

মুখ্য কাৰ্যবাহী বিষয়াক হিতাধিকাৰীৰ অভিযোগ দাখিল

0 39

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত কৰুণাবাৰী উন্নয়ন খণ্ডৰ ডিক্ৰং গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণত সংঘটিত হোৱা কেলেংকাৰিৰ ন ন তথ্য পোহৰলৈ আহিয়ে আছে৷ ইতিপূৰ্বে পঞ্চায়তখনৰ একাধিক কৰ্মচাৰী এই কেলেংকাৰিত জেললৈ যোৱাৰ পিছতো পঞ্চায়তখনত এতিয়াও ন ন কেলেংকাৰি সংঘটিত হৈয়ে আছে৷ উন্নয়নখণ্ডটোৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই এতিয়া লখিমপুৰৰ প্ৰকল্প সঞ্চালক তথা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক হিতাধিকাৰীয়ে লিখিত ভাৱে অভিযোগ দাখিল কৰি কয় যে আৱণ্টিত গৃহৰ ধন লাভৰ পৰা এতিয়াও বহু হিতাধিকাৰী বঞ্চিত হৈ আছে৷ তেনে এজন হিতাধিকাৰী হৈছে পঞ্চায়তখনৰ অন্তৰ্গত ১নং জকাইপেলোৱাৰ যুগল বৰাৰ পত্নী ডালিমী বৰাৰ নামত [আই ডি নং এ এচ ১৪৮৬২৯৫৮ঙ্ম] প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ এটা ঘৰ আৱণ্টন হোৱাৰ পিছত তেওঁৰ নামত আৱণ্টিত গৃহটি অন্য লোকক পঞ্চায়ত কৰ্মীয়ে দি সেই টকা আত্মসাৎ কৰে৷ সেয়েহে উক্ত ঘটনাৰ উচিৎ তদন্তৰ দাবী জনাইছে ডালিমী বৰাই৷ অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি এনে কাৰ্যৰ লগত পঞ্চায়ত প্ৰতিনিধিৰ লগতে পঞ্চায়তখনৰ কৰ্মচাৰীও জড়িত হৈ আছে৷ একেদৰে একেখন গাঁও পঞ্চায়তৰ অন্তৰ্গত কেঞামৰাৰ হাচিনা বেগম নামৰ মহিলাগৰাকীয়ে মুখ্য কাৰ্যবাহী বিষয়াক দিয়া অভিযোগ অনুসৰি মহিলাগৰাকীৰ নামত ২০১৯ বৰ্ষত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ এটা গৃহ আৱণ্টিত হৈছিল৷ কিন্তু সেই গৃহটি পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়তখনৰ বিষয়-ববীয়াই উক্ত গৃহৰ নামত আৱণ্টন হোৱা ধন আত্মসাৎ কৰাৰ লগতে তেওঁ কেৱল ১০ হাজাৰ টকাহে লাভ কৰিবলৈ সক্ষম হয়৷ সেয়েহে বঞ্চিত হিতাধিকাৰীগৰাকীয়ে তেওঁৰ নামত আৱণ্টিত গৃহটি পুনৰ তেওঁক দিবলৈ মুখ্য কাৰ্যবাহী বিষয়াক আবেদন জনোৱাৰ লগতে এই ক্ষেত্ৰত উচিৎ তদন্তৰ দাবী জনাইছে৷ উল্লেখনীয় কথা যে কৰুণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ এই ক্ষেত্ৰত হেমাহীকো বঞ্চিত হিতাধিকাৰীসকলে তীব্ৰ সমালোচনা কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More