লখিমপুৰত পুনৰ ছিগিল মথাউৰি

নাওবৈছাত বন্যাৰ্তৰ আৰ্তনাদঃ শিঙৰা নদীক পূজা বানাক্ৰান্তৰ

0 16
শতাব্দ লখি‍মপুৰ, ২৭ জুনঃ লখিমপুৰত বান কমিছে যদিও কমানাই  বান বিধ্বস্ত ৰাইজৰ দুৰ্যোগ।বানে ধোৱা নাওবৈছাত বানত ক্ষতিগ্ৰস্ত লোকৰ এতিয়া বিননি। এতিয়াও আশ্ৰয় শিবিৰত আাছে বহু লোক ।বানৰ পৰা পৰিত্ৰান পাৱলৈ সেয়ে বান বিধ্বস্ত ৰাইজে বাধ্য হৈ নাওবৈছাত কৰিছে শিঙৰা নদীক  পূজা ।নাম প্ৰসঙ্গ কৰি ভগৱানক তুষ্ট কৰাৰ প্ৰচেষ্টা বানাক্ৰান্তৰ ।উল্লেখ যে  লখিমপুৰ জিলাৰ নাওবৈছাত কেইদিনমানৰ পূৰ্বে শিঙৰা নদীয়ে মাথাউৰি চিঙাৰ ফলত জলমগ্ন হৈছিল প্ৰায় ১৬ খনৰো  অধিক গাঁও। চকুৰ আগতেই নদীৰ বুকুত জাহ গৈছিল সপোনৰ ঘৰখন।
 আজি বানাক্ৰান্ত লোক সকলে বানপানীৰ পৰা পৰিত্ৰান পাৱলৈ শিঙৰা নদীৰ পাৰত চিঁঙা মাথাউৰিত নাম প্ৰসঙ্গ কৰি ভগৱানক তুষ্ট কৰাৰ চেষ্টা কৰে। আনহাতে জিলাখনত এইবাৰ পুনৰ আৰম্ভ হৈছে  বানৰ তাণ্ডব। এইবাৰ গাভৰু নদীৰ বাঢ়নী পানীয়ে ভাঙিলে মাথাউৰি। নিশা প্ৰৱল বৰষুণৰ ফলত গাভৰু নদীৰ মাথাউৰিৰ  ৰঙাজান মাজগাওঁৰ কাষতে বিছিন্ন কৰে। যাৰ ফলত পুৱাৰ ভাগতে গাভৰু টুনিজান এলেকাৰ বিভিন্ন জনৰ ঘৰৰ ভিতৰত পানী সোমাই হাহ, কুকুৰা উটুৱাই নিয়াৰ লগতে বহু ক্ষতি কৰে। উল্লেখ যে প্ৰতি বছৰে এনেদৰে বাঢ়নী পানীয়ে মাথাউৰি ছিঙাৰ ফলত মানুহৰ ঘৰে বাৰীয়ে পানী সোমোৱাৰ লগতে পথৰ ওপৰেদি পানী বাগৰি ক্ষতি সাধন কৰে। জলসম্পদ বিভাগে বিজ্ঞান সন্মত ভাৱে মাথাউৰি নিৰ্ম্মান নকৰিলে অনাগত দিনত গাভৰু নদীয়ে যে স্হানীয় ৰাইজৰ বৃহৎ ক্ষতি কৰিব ই নিশ্চিত।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More