লখিমপুৰত প্ৰচণ্ড ধুমুহা বতাহত তচ নচ ঘৰ-দুৱাৰ : নিহত ১ : বিদ্যুৎ ব্যাহত

0 333

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮ আগষ্ট : আজি পুৱা প্রায় ৩ বজাত অহা এজাক প্রচণ্ড ধুমুহা বতাহ বৰষুণে লখিমপুৰ নগৰৰ লগতে ইয়াৰ আশে-পাশে বিভিন্ন অঞ্চলত ক্ষতিসাধন কৰে। ধুমুহা বতাহৰ ফলত প্ৰকাণ্ড প্রকাণ্ড গছ উভালি পৰাত আজি সন্ধিয়া পর্যন্ত নগৰখনৰ লগতে উক্ত অঞ্চলসমূহত বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে। ধুমুহা বতাহৰ ফলত বিদ্যুৎ পৰিবাহী খুটা উভালি পৰাৰ লগতে তাঁৰত গছ-গছনি পৰি বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে।IMG 20220808 WA0033 ইফালে লখিমপুৰৰ সমীপৱৰ্তী ডিজু গ্রান্টত বাসগৃহত গছ উভালি পৰাৰ ফলত তনচিলা নাগ নামৰ এজন লোকৰ থিতাতে মৃত্যু হয়। সৌভাগ্যক্রমে একেটা গৃহতে থকা তেওঁৰ পুত্ৰ অৱশ্যে ৰক্ষা পৰে। উল্লেখ্য যে কালি দিনৰ ভাগত প্ৰচণ্ড গৰমৰ পিছত পুৱতি নিশা অহা ধুমুহা বতাহ বৰষুণে লখিমপুৰ নগৰৰ লগতে জাহিং কৈলামাৰি চাহ বাগিছা আদি অঞ্চলৰ লগতে বগলী জান, নআলি ঘাট, চাৱতি আদিত বিস্তৰ ক্ষতি সাধন কৰে। বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি তচনচ কৰাত এই পৰিয়ালসমূহ গৃহহীন হৈ পৰে। IMG 20220808 WA0036একেদৰে পথৰ ওপৰত গছ বাগৰৰ ফলত বিভিন্ন অঞ্চলত গছ বাগৰি যাতায়াত ব্যাহত হৈ পৰে। ধুমুহা বতাহ বৰষুণৰ লগতে প্ৰচণ্ড শব্দত অহা গাজনি ঢেৰেকনিয়েও বিভিন্ন অঞ্চলত পশু-পক্ষীৰ ক্ষতিসাধন কৰে। ধুমুহা বতাহৰ ফলত এনেদৰে আপোন ঘৰখন ক্ষন্তেকতে নিঃশেষ হৈ পৰাত এই পৰিয়ালসমূহৰ মাজত এতিয়া কান্দোনৰ ৰোল উঠিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More