লখিমপুৰত বিদুৎ কর্মীৰ প্ৰতিবাদ

0 16
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ মাৰ্চঃ আজি অসমৰ ১৫৬ টা বিদ্যুৎ উপ সংমণ্ডলত  অস্থায়ী বিদ্যুৎ কৰ্মীয়ে ১২ ঘন্টীয়া কৰ্মবিৰতি  পালন কৰে। শক্তি খণ্ডত খাঁটি খোৱা অস্থায়ী কৰ্মচাৰীসকলৰ ভৱি‍ষ্যতৰ কথা চিন্তা নকৰা, ব্ৰিটিছৰ নিয়মত চলি থকা শক্তি খণ্ডৰ ৮০% কৰ্মচাৰীয়ে অস্থায়ী। এই অস্থায়ী কৰ্মচাৰী সকলক চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভন দি বিভাগীয় আমোলা বিষয়াই বছৰ বছৰ ধৰি কামত ব্যৱহাৰ কৰি আহিছিল। ৮০% অস্থায়ী কৰ্মীৰে চলি থকা বিভাগটোৱে বৰ্তমান সময়ত ন ন আধুনিকীকৰণৰ দোহাই দি বহু বছৰৰ পৰা কাম কৰি অ্হা অস্থায়ী কৰ্মচাৰীসকলক কৌশলগত ভাৱে পেটে ভাতে মৰাৰ যি ষড়যন্ত্ৰ কৰিব আৰম্ভ কৰিছে ইয়াক আজিৰ অস্থায়ী কৰ্মচাৰী সকলে বুজি উঠিছে। শক্তি খণ্ডৰ উত্তৰ সুৰী তিনিওটা কোম্পানী ক্ৰমে APDCL APGCL আৰু AEGCL ৰ অস্থায়ী কৰ্মচাৰীৰ যৌথ মঞ্চ আছাম ষ্টেট আউটচর্চ পাৱাৰ কাৰ্ড ইউনিয়ন এ চাকৰি নিয়মীয়া কৰনকে আদি কৰি ১১ দফীয়া দাবী লৈ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰি আহাৰ পাছতো কিন্তু তেওঁলোকৰ ফালৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ সহাৰি নোপোৱাত অস্থায়ী কর্মচাৰীৰসকল আজি বিনিদ্র ৰজনী। বিষয়সমূহক অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো সন্থাই যোৱা বছৰ আলোচনাত মিলিত হৈছিল আৰু সমাধানৰ কথাওঁ দিছিল কিন্তু অতি পৰিতাপৰ বিষয় যে আজি পর্যন্ত কোনো আলোচ্য বিষয় সমূহ কাৰ্য্যকৰী নহ’ল। মাননীয় শক্তি মন্ত্ৰী ডাঙৰীয়ানী মহোদয়াকো বিষয়সমূহক লৈ দুবাৰ কৈ আলোচনাৰ পাছতো একো সদুত্তৰ নোলাল। বহু বাৰ বিভাগৰ অধ্যক্ষ মহোদয়ক অস্হায়ী কৰ্মীৰ সমস্যা সমূহক লৈ আলোচনাৰ বাবে সময় বিছাৰি আবেদন কৰি আহিছিল সন্থাই কিন্তু বিভাগে মুখামুখি হোৱাৰ সাহস গোটাব নোৱাৰিলে। গতিকে সন্থাই শক্তি বঙ চলাই থকা এই ৮০% অস্থায়ী কৰ্মচাৰীৰ ওপৰত চলি অহা অন্যায় আৰু শোষণৰ বিৰুধীতাৰে আজি উত্তৰ লক্ষীমপুৰ বিদ্যুৎ সংমণ্ডলত এই ১২ ঘণ্টীয়া কর্মবিৰতী কার্যসূচী পালন কৰা হৈছে। আৰু ইয়াৰ পৰাই আপোনালোকৰ মাধ্যমেৰে বিভাগ তথা চৰকাৰক সকীয়াই দিয়া হয় যে পৰবৰ্তী সময়ত যদি অস্থায়ী কৰ্মীৰ সমস্যাসমূহক আওকাণ কৰি চাকৰি নিয়মীয়াকৰণৰ বিষয়ত যদি কোনো গুৰুত্ব প্ৰদান নকৰি গা এৰা মনোভাৱ লৈ একে স্থিতিত থাকে তেন্তে আগন্তুক সময়ত শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰী সকলে আৰু অধিক তীব্ৰতৰ আন্দোলন আৰম্ভ কৰিব৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More