লখিমপুৰত বীৰ লাচিত সেনাৰ ৰঙালী বিহু আদৰণি

সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা ব্যক্তিক সম্বৰ্ধনা

0 76

উত্তৰ লখিমপুৰ, ১৩ এপ্ৰিল: WhatsApp Image 2023 04 13 at 8.08.57 PMবীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতি উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতি সহযোগত আজি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হয় ৰঙালী বিহু আদৰণি অনুষ্ঠান। পুৱা সংগঠনৰ পতাকা আৰু বিহু পতাকা উত্তোলন কৰে ক্ৰমে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতি সভাপতি ভদ্ৰজিৎ দত্ত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি যুগান্ত কলিতাই। ইয়াৰ পিছতে শ্বহীদ তৰ্পন কাৰ্য্যসূচীত বীৰ লাচিত সেনাৰ কৰ্মকৰ্তা সকলে অংশ গ্ৰহন কৰে। দিনৰ ১১ বজাত পৰম্পৰাগত বিহু সম্পৰ্কে বক্তব্য আগবঢ়ায় বগেন বুঢ়াগোহাঁয়ে। দুপৰীয়া জিলা সমিতিৰ সভাপতি ভদ্ৰজিৎ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতি প্ৰশাসনিক সচিব শৃংখল চলিহাই মুখ্য অতিথি হিচাপে উপস্হিত থাকে। মুখ্য অতিথিৰ ভাষণত তেওঁ সকলোকে ৰঙালী বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰি কয় যে বীৰ লাচিত সেনাই জাতিৰ স্বাৰ্থত ঐতিহ্য সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰি যাব। অসমীয়া জাতীয় ঐতিহ্য সংস্কৃতিক অপসংস্কৃতিৰ হাতোৰাৰ পৰা ৰক্ষা কৰিব লাগিব। স্বকীয় ৰূপত জাতিৰ স্বাভিমান জীয়াই ৰাখিব লাগিব। বিহুক অপসংস্কৃতিৰ পৰা ৰক্ষা কৰিবলৈকে ‘বিহু সুৰক্ষা সমিতি’ৰ দৰে সংগঠনৰ সৃষ্টি হৈছে বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকি সমাজকৰ্মী উদয় শংকৰ হাজাৰিকাই ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বীৰ লাচিত সেনাৰ জিলা সমিতিৰ উপদেষ্টা লুলু বৰুৱা, বিহু সুৰক্ষা সমিতি অসমৰ মহিলা মঞ্চৰ মুখ্য আহ্বায়ক ৰেণুমণি গগৈ, যুৱ কৃষক ইন্টু দত্তই বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বীৰ লাচিত সেনাই বয়োজ্যেষ্ঠ সকলক সম্বৰ্দ্ধনা জনায়। লখিমপুৰৰ সমাজজীৱনলৈ বৰঙণি আগবঢ়োৱা ব্যক্তি ক্ৰমে উদয় শংকৰ হাজৰিকা, দেৱজিৎ মজুমদাৰ, সাংবাদিক প্ৰিয়মজ্যোতি ফুকন, ৰেণুমণি গগৈ, গল্পকাৰ লাবণ্য ৰাণু ফুকন, খ্যাতি সম্পন্ন যুৱ কৃষি কৰ্মী ইন্টু দত্ত, ৰাষ্ট্ৰীয় পদক প্ৰাপক কৃষক সুৰেন বৰা, দেৱীকা শৰ্মা আদিক বীৰ লাচিত সেনাই বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। স্হানীয় হুঁচৰি দলে বিহু হুঁচৰি গায় বিহু প্ৰদৰ্শন কৰে। এই আনুষ্ঠানত কণী যুঁজ, টেকেলী ভঙা, হুঁচৰি, বিহু আদি প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা হয়। সকলোৱে সমূহীয়াকৈ জলপান, পিঠা পনা খাই বিহুৰ আনন্দ উল্লাহ উপভোগ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More