শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ আগষ্টঃ অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাত যোৱা তিনিদিন ধৰি একেৰাহে হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্ত ভদীয়া বানৰ কবলত পৰিছে৷ আজি পুৱাই কদম ৰাজহ চক্ৰৰ বহুকেইখন গাঁও কাকৈ নদীৰ বানত জলমগ্ন হয়৷ লখিমপুৰৰ কদম টেঙাবস্তিত কাকৈ নদীৰ বানে একপ্ৰকাৰে বিভীষিকাৰ সৃষ্টি কৰে৷ পুৱাই কাকৈ নদীৰ ঢলে কদম টেঙাবস্তিৰ লগতে বাগান গাঁও, মইনাপাৰা, পুথিমাৰী আদি কেবাখনো গাঁও বুৰাই পেলোৱাৰ লগতে ভদীয়াৰ বানে কৃষিজীৱী লোকসকলৰ শ শ বিঘা শালি খেতি বুৰাই পেলায়৷ কাকৈৰ খৰস্ৰোতা বানে এই অঞ্চলত বহু কৃষকৰ শালি খেতি বালিৰে পুতি পেলোৱাত কৃষিজীৱি লোকসকল কিংকৰ্তব্য বিমূৰ হৈ পৰিছে৷ কাকৈৰ বানে অঞ্চলটোৰ ভালেসংখ্যক লোকৰ ঘৰবাৰী জলমগ্ন কৰাত কৃষিজীৱি লোকসকলে ওখ ঠাইত আ৷ য় গ্ৰহণ কৰিবলগা হৈছে৷ ইফালে ভদীয়াৰ বানত কৃষিভূমি নষ্ট হোৱাত খেতিয়কসকলে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনহাতে বাঢ়নি পানীয়ে জিলাখনৰ বহু ঠাইত বানৰ সৃষ্টি কৰে৷ পিছলা, দ্ৰোৰপাং, গাভৰু, শিঙৰা, ৰঙানদী, ডিক্ৰং আদি নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ লগতে বহু ঠাইত বানৰ সৃষ্টি কৰিছে৷ বিশেষকৈ পিছলা নদীৰ বাঢ়নী পানীয়ে আজি ঢলপুৰ মৌজাৰ অন্তৰ্গত নিদানচোৱা, খলিহামাৰী, ভাতমৌ, সৰুকাঠনি, ঠেকেৰাবাৰী আদি গাঁওসমূহৰ একাংশ ঘৰ-দোৱাৰ বুৰ যোৱাৰ লগতে কৃষিপথাৰো বুৰাই পেলোৱাত কৃষিজীৱী লোকসকলে হাহাকাৰ কৰিবলগা হৈছে৷ বহুতৰে আকৌ বাৰীৰ পান-তামোলকে ধৰি পুখুৰীৰ মাছ পৰ্যন্ত বানত উটি যোৱাত চৌদিশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নাওবৈচাতো শিঙৰাৰ বাঢ়নী পানীয়ে বহু ঠাই জলমগ্ন কৰিছে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.