লখিমপুৰত ভয়ংকৰ কাণ্ডঃ ড্ৰাগছ সৰবৰাহকাৰীৰ আক্ৰমণত অভিযানকাৰী আৰক্ষী আহত

২২ জনক আটকঃ আৰক্ষীক আক্ৰমণ কৰি পলাল ছাদ্দাম হুছেইনঃ আনন্দ মিশ্ৰ বাহিনীক প্ৰত্যাহ্বান অপৰাধী চক্ৰৰ

0 6

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং আহমেদপুৰৰ দলনিৰ পাৰত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষী দলক ড্ৰাগছ সৰবৰাহকাৰী আৰু তেঁওলোকৰ পৰিয়ালে আক্ৰমণ কৰি ড্ৰাগছ সৰবৰাহকাৰীক মোকলাই নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণি অনুসৰি যোৱা দুদিন পূৰ্বে বান্দৰদেৱা আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত সেই ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি বিয়লি ২ নং আহমেদপুৰত বঙালমৰা আৰক্ষী চকীৰ এটা দলে ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনক ধৰিবলৈ যায়৷ বুধবাৰে বিয়লি আৰক্ষীয়ে সাধাৰণ পোছাকত ড্ৰাগছ ক্ৰয় কৰাৰ চলেৰে পূৰ্বে ধৃত ড্ৰাগছ সৰবৰাহকাৰীক লগত লৈ আহমেদপুৰৰ দলনিপাৰত ছাদ্দাম হুছেইনৰ ঘৰত উপস্থিত হয়৷ ছাদ্দাম হুছেইনে ছদ্মবেশী আৰক্ষীক গ্ৰাহক বুলি ড্ৰাগছ বিক্ৰী কৰাৰ সময়তে আৰক্ষীয়ে ছাদ্দামক গবা মাৰি ধৰে৷ তেতিয়া ছাদ্দাম হুছেইন আৰু তেওঁৰ আত্মীয়ই আৰক্ষীৰ দলটোক আক্ৰমণ কৰি মাৰধৰ কৰাৰ লগতে আৰক্ষীক কামুৰি ছাদ্দাম হুছেইনক মোকলাই নিবলৈ সক্ষম হয়৷ এই ঘটনাৰ পিছতে আনন্দ মিশ্ৰ বাহিনীয়ে বঙালমৰাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়৷ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিজেই লালুক থানাত গোটেই নিশা উপস্থিত থাকি এই অভিযানৰ নেতৃত্ব দিয়ে৷ কিন্তু পুৱতি নিশা পৰ্যন্ত আনন্দ মিশ্ৰ বাহিনীয়ে পলাতক ড্ৰাগছ সৰবৰাহকাৰী আৰু আৰক্ষীক আক্ৰমণকাৰীসকলৰ এজনকো কৰায়ত্ত কৰিব নোৱাৰাৰ পিছত সেই অঞ্চলৰ পৰা পুৱা ২২ জন লোকক আটক কৰে৷ আটকাধীন সকলক লালুক, নাওবৈছা, বিহপুৰীয়া, নাৰায়ণপুৰ, ধলপুৰ আদি আৰক্ষী থানাত পৃথকে পৃথকে ৰাখি সোধ পোছ অব্যাহত ৰাখিছে৷ কালি আৰক্ষীক আক্ৰমণ কৰা এই ঘটনাই সমগ্ৰ জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইফালে আটকাধীন লোকসকল কোনো প্ৰকাৰে দোষী নহয় বুলি স্থানীয় একাংশ লোকে দাবী কৰাৰ লগতে প্ৰকৃত দোষীক বিচাৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়৷ উল্লেখনীয় কথা যে সঘনাই জিলাখনত অপৰাধজনিত ঘটনা বৃদ্ধি হোৱালৈ চাই জিলাখনৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীক অপৰাধী চক্ৰই একপ্ৰকাৰে প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ যে জিলাখনত আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে জাল নোট, নকল সোণ ব্যৱসায়ী, ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে অন্যান্য অপৰাধীক সকীয়নি দিয়াৰ পিছত অৰ্ধ শতাধিক অপৰাধীয়ে কাৰ্যতঃ আত্মসমৰ্পণ কৰিছিল যদিও শেহতীয়াকৈ সকলোবোৰ অপৰাধী জামিনত মুকলি হয়৷ শেহতীয়াকৈ ড্ৰাগছ ব্যৱসায়ীয়ে আনন্দ মিশ্ৰ বাহিনীক আক্ৰমণ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More