লখিমপুৰত শ্ৰমিক দিবসত হাজাৰ হাজাৰ শ্ৰমিকৰ অংশগ্ৰহণ

0 13
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১ মেঃ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত উত্তৰ লখিমপুৰ শাখা আৰু জিলাখনৰ সমূহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে চাহ মজদুৰ সংঘই উত্তৰ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত আন্তঃজাতিক শ্ৰমিক দিৱস উদযাপন কৰে৷ পুৱা ৭-৩০ বজাত সামূহিক চাফাই, অসম চাহ মজদুৰ সংঘৰ উত্তৰ লখিমপুৰ শাখাৰ প্ৰাক্তন সভাপতি জিতেন কৰ্মকাৰে বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷উত্তৰ লখিমপুৰ শাখাৰ সভাপতি হাৰাধন কালান্দিয়ে পতাকা উত্তোলন কৰাৰ পাছতেই উপদেষ্টা জগদীশ দাসে শ্বহীদ তৰ্পন কৰে৷দিনৰ ১১ বজাত ১০ সহস্ৰাধিক চাহ শ্ৰমিকৰ উপস্থিতিত ঝুমুৰ, বিহু নৃত্য, বিভিন্ন প্ৰতীকচিহ্ন আদিৰে উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰে অসম চাহ মজদুৰ সংঘৰ উত্তৰ লখিমপুৰ শাখাৰ মহিলা সমিতিৰ গায়িত্ৰী নায়কে৷ ত্যাগক্ষেত্ৰৰ পৰা উলিওৱা ডেৰ কিলোমিটাৰ যোৰা বাৰেৰহনীয়া শুভাযাত্ৰাই নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰি ৰাইজৰ মন মোহিত কৰে৷ দিনৰ ১২ বজাত অনুষ্ঠিত মুকলি সভাখনত সভাপতিত্ব কৰে হাৰাধন কালান্দিয়ে৷ উক্ত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চাহ মজদুৰ সংঘৰ উপ-সভাপতি নবীন চন্দ্ৰ কেউট, বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰপ্ৰাপ্ত শ্ৰম আয়ুক্ত জয়প্ৰকাশ আগৰৱালে৷ শ্ৰম বিষয়া ব্ৰজেন বৰুৱা, আটছাৰ কেন্দ্ৰীয় উপ-সভাপতি অৰূপ বৰাইক, সহ সম্পাদক সুনিল তিৰ্কি, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সচিব ৰাজু সিংহ, মাছ’ৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চমু দত্ত, উপাধ্যক্ষ মিন্টু মুস্তাক, সচিব ইব্ৰাহিম আলিৰ লগতে আটছা আৰু আছা’ৰ জিলা সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে৷ আজিৰ  কাৰ্যসূচীত আদৰণি ভাষণ আগবঢ়ায় অসম চাহ মজদুৰ সংঘৰ উত্তৰ লখিমপুৰ শাখাৰ সঞ্জীত তাঁতিয়ে৷ ইয়াৰ পাছত ৯ খন বাগিচাৰ   শ্ৰমিক  সকলৰ মাজৰ পৰা সমাজৰ বাবে বিশেষ অৱদান আগবঢ়োৱা ১৬ জন চাহ শ্ৰমিক  ক্ৰমে- আলফচ হ’ৰ (চিলনীবাৰী), অনিতা ভূমিজ (বৰদৈ), শান্তি কৰ্মকাৰ (হাৰমতী), হিনা বাড়া (চিনাতলীয়া), ৰাজেন পুৰ্তী (হাৰমতী), লুচিয়া বাকলা (টুনিজান), বাহামণি খেৰুৱাৰ (কৈলামাৰি), হানা চাণ্ডিগুৰীয়া (ডিৰ্জু), হানা নায়ক (হাৰমতী), চালু কালান্তি (দলহাট), পেটুৱাৰী ৰাজৱাৰ (আনন্দ), দিপালী গুৱালা (মধুপুৰ), ৰীণা এক্কা (জহিং), যোচপিন টিৰকি (ঔহাট), তাৰমি খড়িয়া (পথালিপাম), চুমি হেড়ে (চিলনীবাৰী)ক  বিশেষ ভাৱে সম্বৰ্ধনা জনাই উৎসাহিত কৰে৷ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই তেওঁৰ ভাষণত শ্ৰমিকৰ বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰি ইয়াৰ লাভ ল’বলৈ শ্ৰমিকসকলক আহবান জনায়৷ লখিমপুৰ চাহ মজদুৰ শাখাই আজিৰ সভাত ১০ লাখ টকা অনুদান ঘোষণা কৰাৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থালৈকো ১০ লাখ টকাৰ অনুদান ঘোষণা কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More