লখিমপুৰত ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল খেজুৰ আঁচনি আৰম্ভ

তেল উৎপাদনেৰে স্বাৱলম্বী হোৱাৰ লক্ষ্য

0 56
  •  তৈল খেজুৰ আচঁনিৰ অধীনত খেজুৰ পুলি ৰোপন মন্ত্ৰী অতুল বৰাৰ
    শতাব্দ ষ্টাফ ৰিপটাৰ,লখিমপুৰ,৪জুনঃWhatsApp Image 2023 06 04 at 6.51.17 PM লখিমপুৰ জিলাৰ বগীনদী গাঁও পঞ্চায়তৰ অন্তৰ্গত বোকানলা গাঁৱত ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল খেজুৰ আঁচনিৰ অধীনত তৈল খেজুৰৰ পুলি আজি আনুষ্ঠানিক ভাৱে ৰোপন কৰে অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী অতুল বৰাই।কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ সফল কাৰ্যকৰীকৰণৰ জৰিয়তে ভাৰতবৰ্ষই ভোজ্য তেলৰ উৎপাদনত স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ পৰা ভোজ্য তেলৰ আমদানি হ্ৰাস কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। সেই অনুসৰি, অসম চৰকাৰেও এই আঁচনিখনৰ অধীনত ৰাজ্যত ইয়াৰ উৎপাদনৰ এলেকা সম্প্ৰসাৰণ তথা তেলৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে কৃষকৰ কল্যাণৰ দিশটোত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।
    এই আচঁনিৰ অধীনত অসমত মুঠতে ২ লাখ হেক্টৰ কৃষিভূমিত অইল পামৰ খেতি কৰিবলৈ নিৰ্ধাৰণ কৰা হৈছে আৰু এই লক্ষ্যত উপনীত হ’বলৈ অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।উল্লেখ্য যে, বৰ্তমান দেশে ৬০-৭০ শতাংশ খোৱা তেল আমদানি কৰি আছে। আৰু তাৰ ভিতৰত পাম অইল প্ৰধান। সেয়েহে দেশৰ বিভিন্ন ঠাইত থকা অব্যৱহৃত বা পতিত মাটিত এই তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণ কৰি খোৱা তেল উৎপাদনৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰি তুলিবলৈ ভাৰত চৰকাৰে এই বিশেষ আঁচনিখন ২০২১ চনৰ আগষ্ট মাহত মুকলি কৰে। উত্তৰ-পূৱৰ ৰাজ্য কেইখনকে ধৰি মুঠ ২২ খন ৰাজ্যত এই আঁচনি ৰূপায়ন কৰিবলৈ লোৱা হৈছে।বৰ্তমান অসমৰ ১৮খন জিলাত এই আঁচনি ৰূপায়নৰ ব্যবস্থা কৰা হৈছে আৰু এই জিলাসমূহ হ’ল- কামৰূপ, গোৱালপাৰা, চিৰাং, ওদালগুৰি, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, ধেমাজি আৰু লখিমপুৰ।
    যিহেতু অইল পাম অসমৰ কৃষকৰ বাবে একেবাৰে নতুন শস্য, ইয়াৰ পুলি অসমত উপলব্ধ নহয়, সেয়েহে চৰকাৰে নিবিদা যোগে অভিজ্ঞ অইল পাম কোম্পানী বাচনি কৰি তেওঁলোকক আচঁনি ৰূপায়ণ সহযোগী হিচাপে নিয়োগ কৰিছে। এই হিচাপত লখিমপুৰ জিলাৰ দায়িত্বত আছে থ্ৰী এফ অইল পাম। জিলা পৰ্য্যায়ত আঁচনি ৰূপায়ণ তথা নিৰীক্ষণৰ বাবে জিলা উপায়ুক্তৰ অধ্যক্ষতাত এখন Project Management Team গঠন কৰা হৈছে। এই সমিতিয়ে কৃষক হিতাধিকাৰি বাছনিৰ পৰা আৰম্ভ কৰি, ৰাজসাহায্য, প্ৰদানলৈকে সকলো কাৰ্য্য নিৰীক্ষণ কৰিব। ইচ্ছুক কৃষকসকলে জিলা কৃষি বিষয়াৰ লগত যোগাযোগ কৰি এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব পাৰিব।ইয়াৰ উপৰিও, প্ৰতিজন কৃষকে পুলি ৰোপনৰ পাছত পুলিৰ পৰিচৰ্যা, অইল পামৰ ফল নহা পৰ্যন্ত অন্তঃ শস্যৰ খেতি কৰিবলৈ বিভিন্ন উপাদান আৰু ফল ধৰাৰ পাছত ফল চপোৱা বিভিন্ন যন্ত্ৰ- পাতি কঢ়িয়াবলৈ ট্ৰেক্টৰ আদিৰ বাবে ৰাজসাহায্য লাভ কৰিব। আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, উদ্যান শস্যৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম চৰকাৰৰ যুটীয়া সঞ্চালক গুণজিত কাশ্যপ, আঁচনিৰ সফল ৰূপায়ণৰ বাবে লখিমপুৰ জিলাৰ দায়িত্বত থকা ৩ এফ অইল পাম প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক সঞ্জয় গোৱেংকা, লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তাৱন, জিলা কৃষি বিষয়া ভৱজিত দলেৰ লগতে অইল পাম খেতিৰ বাবে নিৰ্বাচিত আন আন জিলাসমূহৰ জিলা কৃষি বিষয়াসকল, লখিমপুৰ জিলা কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীসকল, পঞ্চায়তৰ প্ৰতিনিধিসকল, লখিমপুৰ জিলাৰ চাৰিওটা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকসকল উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More