লখিমপুৰত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড শিমলু গছ বাগৰিলঃ নিহত এজন

৬ দিনৰ পিছতে আখৰে আখৰে ফলিয়ালে ‘শতাব্দ’ৰ বাতৰি

0 71
  • কেবাখনো যানবাহন ক্ষতিগ্ৰস্ত
  • ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যাহত
  • লখিমপুৰ নগৰত ৬-৭ ঘণ্টা বিদ্যুৎ সেৱা ব্যাহত
  • শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ জুলাইঃ উত্তৰ লখিমপুৰ নগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি যেন কোনো দায়িত্ব নাই জিলা প্ৰশাসন কিম্বা পৌৰ সভাৰ। উত্তৰ লখিমপুৰ নগৰত থকা পুৰণি গছে কোনেদৰে নগৰবাসীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, সেই সন্দৰ্ভত ‘শতাব্দ’ত যোৱা ৬ জুলাইত সবিস্তাৰে বাতৰি প্ৰকাশ কৰাৰ পিছতো জিলা প্ৰশাসন কিম্বা পৌৰ সভাই কোনো পদক্ষেপ নোলোৱাৰ পৰিণতিত আজি লখিমপুৰ নগৰত এজোপা প্ৰকাণ্ড শিমলু গছ উভালি পৰাৰ ফলত থিতাতে এজন লোকৰ মৃত্যু ঘটে।
    WhatsApp Image 2023 07 12 at 3.56.22 PM e1689172673420
    নিহত জামালুদ্দিন

    তদুপৰি আন কেবাজনো গুৰুতৰ ভাৱে আহত হয়৷ এই ঘটনাই সমগ্ৰ নগৰখনত আজি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে আজি পুৱা ১১ মান বজাত লখিমপুৰ নগৰৰ লগতে ইয়াৰ আশে পাশে এক প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হয়৷ বৰষুণ নোহোৱাকৈ অহা ধুমুহা জাকে উত্তৰ লখিমপুৰ নগৰৰ খেলমাটিৰ এ এছ টি চি ৱৰ্কশ্বপৰ সন্মুখত থকা এজোপা প্ৰকাণ্ড শিমলুগছ উভালি পেলায়৷ গছডালে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ইটো পাৰে চাহ তামোলৰ দোকান দিয়া খেলমাটি নিবাসী জামালউদ্দিন [৫০] নামৰ লোকজনৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে এগৰাকী যুৱতী সহ তিনিজন লোক গুৰুতৰ ভাৱে আহত হয়৷WhatsApp Image 2023 07 12 at 7.45.24 PM নিহত জামালউদ্দিনে চাহ-তামোল বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল৷ আনদিনাৰ দৰে আজিও তেওঁ গছ জোপাৰ কাষৰ পথটোৰ বিপৰীত ফালে পথৰ কাষতে চাহ বিক্ৰী কৰি থকাৰ সময়তে হঠাতে অহা প্ৰচণ্ড বতাহজাকত গছজোপা উভালি পৰাত জামালউদ্দিনৰ মৃত্যু ঘটে৷ আহত আটাইকেইজনকে ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়৷WhatsApp Image 2023 07 12 at 7.47.18 PM e1689173600999 এই ঘটনাত এখন ই-ৰিক্সাকে ধৰি প্ৰায়৭-৮ খন বাইক-স্কুটি তথা যানবাহনৰ ক্ষতিসাধন হয়৷ ভাৰতীয় জীৱন বীমা নিগমৰ মুখ্য প্ৰৱেশদ্বাৰৰ কাষতে থকা প্ৰায় ডেৰশ বছৰীয়া শিমলু গছজোপা ৰাষ্ট্ৰীয় ঘাইপথটোত বাগৰি পৰাৰ ফলত আজি এই পথেৰে যাতায়াত কৰা যানবাহন সমূহ আৱদ্ধ হৈ পৰাৰ লগতে উক্ত পথেৰে কেবাঘণ্টা ধৰি যাতায়াত ব্যাহত হৈ পৰে৷ প্ৰশাসনে গছজোপা কাটি আঁতৰোৱাৰ ব্যৱস্থা কৰে যদিও দীৰ্ঘসময় পথটোৰে যাতায়াত ব্যাহত হৈ পৰে৷ ইফালে প্ৰকাণ্ড গছজোপা পথত বাগৰি পৰাৰ ফলত আজি লখিমপুৰ নগৰত প্ৰায় ৬-৭ ঘণ্টা বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে৷ লক্ষণীয় কথা যে লখিমপুৰ নগৰত প্ৰকাণ্ড প্ৰকাণ্ড গছে দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই অনাৰ বাতৰি যোৱা ৬ জুলাইত ‘শতাব্দ’ত সবিস্তাৰে প্ৰকাশ পাইছিল৷ সেই বাতৰি আজি আখৰে আখৰে ফলিয়ালে৷WhatsApp Image 2023 07 12 at 7.45.03 PM উল্লেখনীয় কথা যে উত্তৰ লখিমপুৰ নগৰৰ প্ৰায়বোৰ পথৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এতিয়াও বহু পুৰণি প্ৰকাণ্ড প্ৰকাণ্ড গছ পথৰ দিশে হাউলি আছে৷ এই গছ সমূহৰ পৰা যিকোনো মুহূৰ্তত পুনৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা নিশ্চিত হৈ পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More