লখিমপুৰৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰী

কাইলৈৰপৰা অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক  চূড়ান্ত (মেইনচ) পৰীক্ষা

0 59

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুলাইঃ অসম লোকসেৱা আয়োগৰ চলিত বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত (মেইনচ) পৰীক্ষাটি অহা ৮ জুলাইৰ পৰা ১০ জুলাইলৈ অনুষ্ঠিত হব। ৰাজ্যখনৰ অন্যান্য কেন্দ্ৰৰ লগতে, লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত স্থাপন কৰা কেন্দ্ৰতো এই পৰীক্ষা অনুষ্ঠিত হব। উক্ত পৰীক্ষাটি সুকলমে সম্পন্ন কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসনে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে।পৰীক্ষাটি স্বচ্ছ, নিকা আৰু মুক্ত পৰিবেশত অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত সুমিত সত্বাৱানে ফৌজদাৰী কাৰ্য বিধি ১৪৪ ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্রটিত পৰীক্ষা অনুষ্ঠিত হবলগীয়া দিন কেইটাত পুৱা ৮.০০ বজাৰপৰা বিয়লি ৪.৩০ বজালৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ সৈতে নিয়োজিত লোক আৰু সাংবাদিকৰ বাহিৰে অন্য কোনো লোক সমবেত হব নোৱাৰিব। পৰীক্ষাৰ্থী সকলে মোবাইল ফোনৰ উপৰি কোনো বৈদ্যুতিন সঁজুলি– যেনে, স্মাৰ্ট ৱাটছ, হেলথ বেণ্ড, ইলেকট্ৰনিক পেন, ব্লুটুথ, ইয়েৰফোন, মাইক্ৰফোনৰ লগতে বাহিৰৰ লোক বা অন্য স্থানত থকা লোকৰ সৈতে যোগাযোগ কৰিব পৰা মাধ্যম লৈ পৰীক্ষা কক্ষত প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰোপৰি পৰিক্ষাৰ্থীসকলে কেলকুলেটৰ, পেনড্ৰাইভ, কাগজৰ টুকুৰা, ছপা বা হাতেলিখা পাঠ্যক্ৰম সম্পৰ্কীয় সামগ্ৰী তথা পৰীক্ষাত অনৈতিক উপায় অৱলম্বন কৰিব পৰা যি কোনো সামগ্ৰী লৈ পৰীক্ষা কক্ষত প্ৰৱেশ কৰিব নোৱাৰিব। এই নিষেধাজ্ঞাসমূহ উলংঘা কৰা লোকৰ বিৰুদ্ধে নিৰ্দিষ্ট আইনী ব্যবস্থা গ্ৰহণ কৰা হব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More