লখিমপুৰৰ বাইপাছত ইন’ভা-আৰ্টিগাৰ মুখামুখি খুন্দাত অৰুণাচলৰ টিৰাপৰ যুৱতী নিহতঃ আহত তিনি

0 10

শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ,২৬ জুলাইঃ লখিমপুৰৰ বাইপাছত আজি পুৱা বেলা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত অৰুণাচল প্ৰদেশৰ টিৰাপৰ এগৰাকী যুৱতী থিতাতে নিহত হয়৷ লীলাবাৰী সমীপৰ অভাৰবীজৰ কাষত এখন আৰ্টিগা আৰু এখন ইন’ভা গাড়ীৰ মুখামুখি খুন্দা লগা ফলত এই দুৰ্ঘটনা সংঘটিত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি আজি চৰাইমীয়া দিশৰ পৰা আহি থকা তীব্ৰ বেগী আৰ্টিগা (AS২৩-AB-৩৭০৮) গাড়ীখনৰ লগত লখিমপুৰৰ গনেশ মন্দিৰ দিশৰ পৰা গৈ থকা ইন’ভা (NL০১-৮২৮৪) গাড়ীখনৰ মাজত প্ৰচন্দ জোৰত খুন্দা লাগে ফলত ঘটনাস্থলীতে আৰ্টিগা বাহনখনত অহা অৰুণাচল প্ৰদেশৰ টিৰাপ দেওমালিৰ ৱাজাটুন গাঁৱৰ জাৰেম আৰং [১৮ বছৰ] নামৰ যুৱতী গৰাকী থিতাতে নিহত হয়৷ এই ঘটনাত নাগালেণ্ডত পঞ্জীয়নভুক্ত গাড়ীখনৰ একমাত্ৰ চালকজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে আৰ্টিগা গাড়ীখনত অহা টিৰাপ দেওমালিৰ নামচাঙৰ অমৰ চেত্ৰী [৩০ বছৰ] টিৰাপ দেওমালিৰ ৱাজেটুন গাঁৱৰ ৰামকা আৰেং [৪৪ বছৰ] গুৰুতৰভাৱে আহত হয়৷ আহত আটাইকেইজনকে প্ৰথমে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় যদিও তেওঁলোকৰ অৱস্থা সংকটজনক হোৱাত আটাইকে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More