লখিমপুৰৰ বানত চৰকাৰী সাহায্য নাইঃ সোৱণশিৰিত উটি গ’ল যুৱক

0 43
  • নাওবৈচাত ক্ষুব্ধ বন্যাৰ্তই পানীৰ মাজতে আৱদ্ধ কৰিলে ৰাজহ চক্ৰ বিষয়াক
  • নাওবৈচাত জটিল পৰিস্থিতিত বন্যাৰ্ত
    শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুনঃ বছৰৰ প্ৰথমটো বানে লখিমপুৰ জিলাত জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷WhatsApp Image 2023 06 15 at 7.21.10 PM জিলাখনৰ বিভিন্ন প্ৰান্তত আজিও ন ন অঞ্চল প্লাবিত হোৱাৰ খবৰ আহি আছে৷ ইফালে বুধবাৰে জিলাখনৰ নাওবৈচা ৰাজহ চক্ৰৰ শ’লমৰীয়াত শিঙৰা নদীয়ে সোঁপাৰৰ মথাউৰিৰ প্ৰায় ১০০ মিটাৰ অংশ ছিঙি নিয়াৰ পিছত সেই অঞ্চলৰ বান পৰিস্থিতিয়ে আজি জটিল ৰূপ ধাৰণ কৰে৷ শিঙৰা নদীয়ে দ’লহাট-বৰছলা সংযোগী গড়কাপ্তানী পথটোৰ প্ৰায় ২ কিলোমিটাৰ অংশৰে পানী বাগৰাৰ লগতে পথটো বিধবস্ত কৰি পেলাইছে৷ একেদৰে নদীখনৰ মূল গতিপথ এতিয়া একাংশ লোকৰ ঘৰ আৰু বাৰীৰে প্ৰৱল সোঁতেৰে ববলৈ ধৰাত ৰাইজৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শ’লমৰীয়া অঞ্চলৰ পাৰ্শ্বৱতী প্ৰায় ১২ খন গাঁৱত শিঙৰাৰ সংহাৰী বানে তাণ্ডৱ সৃষ্টি কৰাত সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ নদীৰ বাঢ়নী পানীয়ে নিমিষতে বহু লোকৰ ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ লগতে বহু পশুধন, মৎস্য পালনৰ পুখুৰী আদিৰ বিস্তৰ ক্ষতি সাধন হয়৷ পুখুৰীৰ মাছ  বাঢ়নী পানীত ওলাই যোৱাৰ লগতে শ শ পৰিয়ালৰ বাৰীৰ শাক-পাচলি, তামোল-পাণ আদি বুৰাই পেলায়৷ আনহাতে আজি শ’লমৰীয়াত নাওবৈচা ৰাজহ চক্ৰ বিষয়া উপস্থিত হোৱাৰ সময়ত চক্ৰ বিষয়া ৰাহুল পেগুক বন্যাক্ৰান্ত লোকসকলে আৱদ্ধ কৰি তীব্ৰ ক্ষোভ উজাৰে৷ এই পৰ্যন্ত সেই অঞ্চলত বান সাহায্য় লাভ নকৰা বুলি বন্যাক্ৰান্ত সকলে ক্ষোভ ব্যক্ত কৰাৰ লগতে শীঘ্ৰে বন্যাৰ্ত সকলক বান সাহায্য় প্ৰদানৰ দাবী জনায়৷ একেদৰে বানত ককবকোৱা বহু পশুধনে এই পৰ্যন্ত অনাহাৰে থাকিবলগীয়া হৈছে বুলি আজি শ’লমৰীয়াত বন্যাৰ্ত লোকসকলে অভিযোগ উত্থাপন কৰে৷ বন্যাৰ্ত ৰাইজৰ অভিযোগ কালি দুপৰীয়াৰ ভাগতে শিঙৰা নদীয়ে মথাউৰি ভাঙি এক প্ৰকাৰে প্ৰলয়ৰ সৃষ্টি কৰাৰ পাছতো লখিমপুৰ জিলা প্ৰশাসনে কেৱল মাত্ৰ চমুৱা, দৰঙীয়া আৰু শ’লমৰীয়াৰ একাংশ বন্যাৰ্তকহে সাহায্য় প্ৰদান কৰাৰ বিপৰীতে বানাক্ৰান্ত নিকটৱৰ্তী গাঁওসমূহ বিশেষকৈ বালিজান, বালিটিকা, কোঁৱৰপুৰ, ৰাজআলি, কুটুকাই আদি কেবাখনো গাঁৱে এই পৰ্যন্ত চৰকাৰী বান সাহায্য় লাভ কৰা নাই৷ সমান্তৰাল ভাৱে পশুধন সমূহৰ ক্ষেত্ৰতো চৰকাৰী ভাৱে কোনো ধৰণৰ পশু খাদ্যৰ ব্যৱস্থা নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ ইফালে বানাক্ৰান্ত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজে দূষিত পানীকে সেৱন কৰিব লগীয়া হৈছে৷ আনহাতে শ’লমৰীয়াত শিঙৰা নদীয়ে মথাউৰি ছিঙি নিয়াৰ ফলত এইবাৰ অঞ্চলটোত কেবা সহস্ৰ লোক বানৰ কবলত পৰিছে৷ লখিমপুৰ জিলা প্ৰশাসনে মথাউৰি বিছিন্ন হোৱাৰ পিছতে বন্যাৰ্তৰ উপকাৰ হোৱাকৈ আশ্ৰয় শিবিৰৰ ব্যৱস্থা নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ বহুলোকে জলবন্দী হৈ অনাহাৰে দিন পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ সমগ্ৰ অঞ্চলটোত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে বন্যাৰ্ত লোকসকলে হাহাকাৰ কৰি আহিছে যদিও এইক্ষেত্ৰত প্ৰশাসনৰ কোনো গা লৰা নাই৷
  • সোৱণশিৰিত উটি গ’ল যুৱক

বুধবাৰে সোৱণশিৰি নদীৰ বাঢ়নী পানীত এজন লোক সন্ধানহীন হৈ পৰে৷ সোৱণশিৰি নদীৰ হাতীয়েমৰা ঘাটত নাৱৰ পৰা পৰি ভীমপৰা নামনি দৰ্গে গাঁৱৰ ৰচিনাথ নৰহৰ পুত্ৰ অতুল নৰহ [২৫] নামৰ যুৱকজন সন্ধানহীন হয়৷ নৰহৰ সন্ধান এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই৷ সন্ধানহীন অতুল নৰহ আছিল হাতীয়েমৰা ঘাটৰ নাওখনৰ গুৰিয়াল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More