লখিমপুৰৰ বিস্তৃত গো উন্নয়ন প্ৰকল্পত নাইট্ৰজেন গেছৰ  ভঁৰাল গোট উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

0 85

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ জুনঃWhatsApp Image 2023 06 20 at 8.33.33 PM দুগ্ধ উৎপাদনত আমাৰ ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰাৰ বাবে কৃত্ৰিম প্ৰজননৰ জৰিয়তে গাইগৰুৰ সংখ্যা বৃদ্ধিত পশুপালন বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰিছে। আজি লখিমপুৰ জিলাৰ চৰাইমৰীয়াস্থিত “বিস্তৃত গো উন্নয়ন প্ৰকল্প (ICDP) কাৰ্যালয়”ৰ চৌহদত Frozen Semen Straw নষ্ট নোহোৱাকৈ মজুত কৰি ৰখাৰ বাবে প্ৰয়োজনীয় নাইট্ৰজেন গেছৰ এটি ভঁৰাল গোটৰ শুভ উদ্বোধন কৰাৰ লগতে গোধনৰ কৃত্ৰিম প্ৰজননৰ বাবে প্ৰয়োজনীয় “Sexed Sorted Semen”ৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী শুভাৰম্ভণি কৰে মন্ত্ৰী অতুল বৰাই। যোৱা ১৩ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনৰ বাবে আনুষ্ঠানিকভাৱে গুৱাহাটীত এই sexed sorted semen বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। প্ৰাৰম্ভিক পয্যায়ত লখিমপুৰ জিলাখনে ২,৬১০ Sexed Sorted Semen straws লাভ কৰিছে। এই পদক্ষেপসমূহৰ জৰিয়তে জিলাখনৰ পশুপালকসকল যথেষ্ট উপকৃত হ’ব আৰু জিলাখনত বিভাগটোৰ উন্নয়নমুখী যাত্ৰা যথেষ্ট ত্বৰান্বিত হ’ব। আজিৰ উদ্বোধনী অনুষ্ঠানত লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সত্তাৱন, জিলা পশুপালন আৰু পশুচিকিংসা বিষয়া ডাঃ কুলধৰ শইকীয়া, বিস্তৃত গো উন্নয়ন প্ৰকল্পৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ অক্ষয়াভট কেশৰীৰ লগতে ডাঃ ছত্ৰপতি গয়াৰী, ডাঃ টিকেন্দ সোনোৱাল, ডাঃ অজিত শৰ্মা, ডাঃ বিনোদ কছাৰী, ডাঃ অনুপল শইকীয়া প্ৰমুখ্যে বিভাগৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More