লখিমপুৰৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত প্ৰতিবাদী জনতাৰ বিক্ষোভ

ঐতিহাসিক লখিমপুৰ-ঢকুৱাখনা সংযোগী পথতে ঘাগৰ- ঘূনাসুঁতি ঘাটত দলং নিৰ্মাণৰ দাবী

0 12

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ নৱেম্বৰঃ লখিমপুৰৰ পৰা ঘূনাসুঁতি হৈ ঢকুৱাখনা সংযোগী পথৰ সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা পকী দলঙৰ মূল সংযোগী পথ ঘূনাসুঁতিৰ মাজেৰে যোৱা পুৰণি ঢকুৱাখনা পথটোতে নিৰ্মাণ কৰিবলৈ দাবী জনাই আজি মহাইজান ঘাগৰ ঘাটত কেইবাশ লােকে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷IMG 20221126 WA0031 ঢকুৱাখনা পথ উন্নয়ন সমিতিৰ উদ্যোগত পূৰ্বাঞ্চলবাসীৰ সহযোগত আজি অনুষ্ঠিত বিশাল গণ সমাৱেশত বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে পুৰণি ঢকুৱাখনা পথতে লখিমপুৰ-ঘূনাসুঁতি সংযোগ দলংখন নিৰ্মাণ কৰাৰ দাবী জনোৱাৰ লগতে পুৰণি ঢকুৱাখনা পথটোৰ উন্নয়নৰ দাবী জনায়৷ সোৱণশিৰি নদীৰ পাৰত ঘাগৰ ঘাটত [মহাইজান] অনুষ্ঠিত আজিৰ এই বিশাল গণ সমাৱেশৰ আঁত ধৰে যুৱ নেতা তথা ঢকুৱাখনা পথ উন্নয়ন সমিতিৰ অন্যতম আহ্বায়ক অজিত বুঢ়াগোঁহায়ে৷ বিশিষ্ট সমাজকৰ্মী উদয় শংকৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত গণ সমাৱেশখনিত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি, দল-সংগঠনৰ নেতৃবৃন্দই পুৰণি ঢকুৱাখনা সংযোগী পথটোৰ উন্নয়ন সাধি সেই পথতে প্ৰস্তাৱিত মূল সংযোগী [সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’বলগা ঘাগৰ ঘাটৰ দলংখন] দলংখন নিৰ্মাণৰ দাবী জনায়৷ উক্ত পথটোৰ ঐতিহ্য সংৰক্ষণ কৰি প্ৰস্তাৱিত পথটো পুৰণি ঢকুৱাখনা সংযোগী পথটোৱে হ’ব লাগে বুলি অঞ্চলটোৰ টি এম পি কেৰ নেতা জনতা মিলি, বিশিষ্ট সমাজকৰ্মী দেৱ দত্ত, বিমল দত্ত, বীৰেণ শইকীয়া আদিৰ লগতে বীৰ লাচিত সেনাৰ জিলা সচিব ৰূপাংকৰ বৰা, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সচিব ৰাজু সিংহ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নৱজ্যোতি দত্ত, সচেতন নাগৰিক মঞ্চৰ দিগন্ত বায়ন, জ্যেষ্ঠ নাগৰিক লক্ষ্মী দত্ত আদিয়ে লখিমপুৰ-ঢকুৱাখনা পথটোৰ ঐতিহ্য ৰক্ষা কৰি কোনো পৰিস্থিতিতে অন্য স্থানত পথ, দলং নিৰ্মাণৰ বিৰোধিতা কৰে৷ উল্লেখ্যে সম্প্ৰতি চৰকাৰে লখিমপুৰ নগৰৰ পৰা বেলেগ এটা পথেৰে ঘূনাসুঁতিৰ প্ৰস্তাৱিত দলংখন নিৰ্মাণৰ বাবে জৰীপ সমাপ্ত কৰাৰ লগতে ইতিমধ্যে নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰিছে৷ ইয়াৰে বিৰোধিতা কৰি আজি অঞ্চলটোৰ ৰাইজ ওলাই আহি সোৱণশিৰিৰ ঘাগৰ ঘাটত ঐক্যবদ্ধ হৈ উত্তল প্ৰতিবাদ সাব্যস্ত কৰে৷ আজিৰ প্ৰতিবাদী জনতাৰ লগতে বিভিন্নজনে কোনো কাৰণতে পুৰণি লখিমপুৰ-ঢকুৱাখনা সংযোগী পথৰ বিপৰীতে আন পথেৰে দলং-পথ নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দি প্ৰয়োজন সাপেক্ষে উক্ত স্থানত প্ৰতিবাদী কাৰ্যসূচী তথা আন্দোলন চলাই যোৱা হ’ব বুলি স্পষ্ট কৰি দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More