লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৭০ গৃহৰক্ষী জোৱানক অব্যাহতিত প্ৰতিক্ৰিয়া

লখিমপুৰত থলুৱা বিৰোধী কাৰ্যৰে বহিঃৰাজ্যৰ নিৰাপত্তাৰক্ষী নিয়োগ

0 43

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ সমূহত কেৱল লখিমপুৰ আৰু ধেমাজি জিলাৰ যুৱক-যুৱতী সকলক নিযুক্তি প্ৰদান কৰা হ’ব বুলি ৰাজহুৱা সভাত দম্ভালি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই ঘোষণা এতিয়া অন্তঃসাৰশূন্যত পৰিণত হৈছে৷ শেহতীয়াকৈ চিকিৎসালয় কতৃৰ্পক্ষই থলুৱা ৭০ জন গৃহৰক্ষী জোৱানক হঠাতে চিকিৎসালয়খনৰ পৰা বাহিৰ কৰি দিয়াত লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰশাসন তথা চিকিৎসালয় কতৃৰ্পক্ষক এনে হঠকাৰী সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী জনাইছে সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি বিনোদ দাস, সাধাৰণ সম্পাদক ভূপেন সোণোৱালৰ লগতে গৃহৰক্ষী জোৱান সন্থাই৷ আজি এই সন্দৰ্ভত চিকিৎসালয় মহাবিদ্যালয়খনৰ অধীক্ষকক নিবনুৱা সন্থাই এখন স্মাৰক পত্ৰ প্ৰদান কৰি অব্যাহতি দিয়া ৭০ জন গৃহৰক্ষীক শীঘ্ৰে পুনৰ মকৰল কৰিবলৈ দাবী জনাইছে৷ অন্যথা সন্থাই জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও লখিমপুৰ চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষক সকীয়াই দিছে৷ একে দাবী জনাইছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি কেশৱ দত্ত আৰু সম্পাদক দ্ৰোৰ্ণকান্ত শইকীয়াই৷ উল্লেখনীয় কথা যে পূৰ্বৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলক কৰ্তব্যৰ পৰা অব্যাহতি দি শেহতীয়াকৈ চিকিৎসালয় কতৃৰ্পক্ষই ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰতিষ্ঠানৰ পৰা বহিঃৰাষ্ট্ৰৰ লগতে অসমৰ বাহিৰৰ যুৱকক নিয়োগ কৰিব বিছৰা হৈছে বুলি গৃহৰক্ষী সন্থা আৰু নিবনুৱা সন্থাই অভিযোগ উত্থাপন কৰিছে৷ সেয়েহে চিকিৎসা মহাবিদ্যালয়খনত ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰতিষ্ঠানৰ পৰা যুৱকক নিয়োগ কৰা কাৰ্য বন্ধ কৰি পুনৰ গৃহৰক্ষী জোৱান সকলক মোতায়ন কৰি নিজৰ জিলাখনৰ সন্মান ৰক্ষা কৰিবলৈ সন্থাদ্বয়ে দাবী জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More