লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ মৃত্যুক লৈ উত্তেজনা

চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুৰ অভিযোগ

0 36

শতাব্দ প্ৰতিনিধি লখিমপুৰ ২৩ নৱেম্বৰঃ  লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী ৰোগীৰ মৃত্যুক লৈ আজি মহাবিদ্যালয় চৌহদত তীব্র উত্তেজনাৰ সৃষ্টি হয়। পৰিয়ালৰ অভিযোগ– উপযুক্ত চিকিৎসাৰ অভাৱত ৰোগী হেম শইকীয়াৰ মৃত্যু হয় । চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰাৰ সময়ত কৰ্তব্যৰত নাৰ্চে চাহ খাবলৈ ধন বিচৰাৰ অভিযোগ কৰিছে ৰোগীৰ আত্মীয়ই আৰু চাহ খাবলৈ টকা নিদিয়াৰ বাবে‌ই চিকিৎসা সেৱা নকৰিলে নাৰ্চে। ফলত তেঁওৰ মৃত্যু হ’ল। আনহাতে চিকিৎসালয়ত ৰোগীক হাতে ভৰিয়ে বান্ধি গৰু-ছাগলীৰ দৰে চিকিৎসা কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে চিকিৎসালয়খনৰ সন্দৰ্ভত ৰোগীৰ অভিযোগ – চিকিৎসালয়খনত নাই পয্যাপ্ত ঔষধ আৰু নাই চিকিৎসাৰ সুবিধা । যাৰ বাবে ৰোগীৰ অভিভাৱকে চিকিৎসালয়ৰ বাহিৰৰ পৰা ঔষধ ক্ৰয় কৰি দিব লগা হোৱাৰ লগতে আই চি ইউত ভৰ্তি কৰাৰ বাবদ ধন ভৰিব লগা হয়। ঘটনা সন্দৰ্ভত হেম শইকীয়াৰ পত্নীৰ অভিযোগ – যোৱা ২১ তাৰিখেই চিকিৎসা মহাবিদ্যালয়খনত তেওঁৰ স্বামীক ভৰ্তি কৰিছিল যদিও চিকিৎসকে ৰোগীৰ প্ৰতি কোনো গুৰুত্ব নিদিলে, বৰঞ্চ চিকিৎসালয়ৰ বিচনাত ৰোগীক হাতে ভৰিৰে বান্ধি থোৱাৰহে ব্যৱস্থা কৰিলে নাৰ্চে। যাৰ পৰিণতিত ৰোগীৰ মৃত্যু ঘটিল। ইফালে চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ৰোগীজনৰ ব্ৰেইনষ্ট্ৰোকৰ বাবেই মৃত্যু হয় বুলিহে কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More