লখিমপুৰ জিলাৰ একাধিক কাৰ্যসূচীত অভিভাৱক মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

চাহ বাগিচা আদৰ্শ বিদ্যালয় উদ্বোধন, বানপীড়িত অঞ্চল ভ্ৰমণ, পৰ্যালোচনা বৈঠক সম্পন্ন

0 73

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লক্ষীমপুৰ, ১৯ জুনঃ ৰাজ্য চৰকাৰৰ  কৃষি মন্ত্ৰী তথা লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি লক্ষীমপুৰত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰথম কাৰ্যসূচী অনুসৰি তেখেতে জিলা আবৰ্ত ভৱনত পুৱা ৯ বজাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে চৰকাৰী ভাৱে আয়োজন কৰা ৰাভা দিৱসৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা ভ্ৰাম্যমাণ বাহনখনৰ কাৰ্য ক্ৰমণিকা পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই বাহনখনত অংশগ্ৰহণকাৰী শিল্পীদলে জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত গৈ কলাগুৰু বিষ্ণু ৰাভাৰ গীত, নাটক তথা তেখেতৰ বিষয়ে বহুল ভাৱে প্ৰচাৰ চলায়। এই কাৰ্যসূচী মঙ্গলবাৰলৈকে অব্যাহত থাকিব। ইয়াৰ পিছৰ কাৰ্য সূচী অনুসৰি বৰাই পশ্চিম চান্দমাৰী আৰু মিলন নগৰ নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ শুভাৰম্ভণি কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মন্ত্ৰীগৰাকী ঘিলামৰাস্থিত মধুপুৰ চাহ বাগিছাত উপস্থিত হয় আৰু উক্ত চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়খনি শুভ উদ্বোধন কৰে। তেখেতে ভাষণত কয় যে এইখন চৰকাৰে সকলো জনগোষ্ঠীক সমমৰ্যাদা দিয়াৰ লগতে সমবিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। ৰাজ্য চৰকাৰখনে চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰী সকলৰ গুণগত শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত চাহ বাগিচা আদর্শ বিদ্যালয় সংস্থাপনৰ জৰিয়তে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰসংগক্ৰমে তেখেতে অভিভাৱক সকলক কেৱল বিদ্যালয় শিক্ষাৰ ওপৰতে নিৰ্ভৰ নকৰি নিজৰ লৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে ঘৰতো পঢ়াৰ পৰিবেশ গঢ়ি তুলিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি নাওবৈছা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিৰ অন্তৰ্গত হিতাধিকাৰী সকলৰ বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ কাৰ্যৰ শুভাৰম্ভণি কৰে । ইয়াৰ পিছতে তেখেতে নাওবৈছা ৰাজহ চক্ৰৰ অধীনৰ বানত ক্ষতিগ্ৰস্ত হোৱা ঠাই সমূহ পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰি বান পৰিস্থিতিৰ বুজ লয়। লগতে বানপীড়িত লোক সকলক পৰ্যাপ্ত পৰিমাণৰ সাহায্য সামগ্ৰী যোগান ধৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। আনহাতে সন্ধ্যা ৫.৩০ বজাৰপৰা মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ সভাকক্ষত বানপানী আৰু জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত জিলা প্ৰশাসন আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে। এই কাৰ্যসূচীসমূহত তেখেতৰ সৈতে লক্ষীমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, জিলা উপায়ুক্ত সুমিত সত্তাৱান,অতিৰিক্ত উপায়ুক্ত ভাস্কৰজ্যোতি বৰুৱা, অতিৰিক্ত উপায়ুক্ত মিনাক্ষী পেৰমে, জিলা শিক্ষা বিষয়া হেমচন্দ্ৰ শইকীয়া, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুনীন গগৈকে ধৰি বিভিন্ন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More