লখিমপুৰ জিলা কাৰাগাৰৰ সমীপত বিশুদ্ধ শীতল পানীৰ প্ৰকল্প মুকলি কৰিলে আৰক্ষী অধীক্ষক বিষয়া আনন্দ মিশ্ৰই

মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ শাখাৰ উদ্যোগ

0 180

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ জুনঃ মাৰোৱাৰী যুৱ মঞ্চৰ অমৃতধাৰা সেৱা মহোৎসৱৰ সৈতে সংগতি ৰাখি মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ শাখাৰ উদ্যোগত লখিমপুৰ জিলা কাৰাগাৰৰ সমীপত বিশুদ্ধ শীতল খোৱাপানীৰ এটি প্ৰকল্প আজি মুকলি কৰা হয়। উত্তৰ লখিমপুৰ জিলা কাৰাগাৰৰ কাষতে স্থাপন কৰা এই শীতল পানীৰ প্ৰকল্পটোৰ পৰা বাটৰুৱা তথা সমীপৱৰ্তী লোকসকলে বিনামূলীয়াকৈ বিশুদ্ধ শীতল খোৱাপানী সেৱন কৰিব পাৰিব। মাৰোৱাৰী যুৱ মঞ্চৰ অমৃতধাৰা আঁচনিৰ অধীনত উত্তৰ লখিমপুৰ শাখাৰ তত্বাৱধানত বিশুদ্ধ শীতল খোৱাপানীৰ প্ৰকল্পটো আজি উদ্বোধন কৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। খোৱাপানীৰ প্ৰকল্পটো উদ্বোধন কৰি মিশ্ৰই মাৰোৱাৰী যুৱ মঞ্চৰ এই পদক্ষেপৰ শলাগ লৈ যুৱ মঞ্চৰ কৰ্মকৰ্তা সকলৰ ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানটিৰ আঁত ধৰি মাৰোৱাৰী যুৱ মঞ্চৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য ৰাজ চৌধুৰীয়ে এম্বুলেঞ্চ সেৱা, মৃতদেহ কঢ়িওৱা বাহন, ৰক্তদান, বিনামূলীয়া চিকিৎসা শিবিৰ, কোভিড প্ৰতিষেধক শিবিৰ স্থাপনকে ধৰি মানৱ সেৱাৰ অৰ্থে মাৰোৱাৰী যুৱ মঞ্চই ৰূপায়ণ কৰি অহা বিভিন্ন কৰ্ম আঁচনি সম্পৰ্কে সম্যক ধাৰণা দাঙি ধৰে। অনুষ্ঠানত মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি ময়ঙ্ক ঝাৱাৰ, সম্পাদক বিক্ৰম মুন্ধ্ৰা, মাৰোৱাৰী সন্মিলনৰে সভাপতি বলৱান শৰ্মা, জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ তৰুণ চন্দ্ৰ সোনোৱাল, আৰক্ষী বিষয়া দেৱ কমল বৰুৱা, মাৰোৱাৰী যুৱ মঞ্চৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য ৰাজ চৌধুৰী, মাণ্ডলিক উপ সভাপতি মনোজ ভৰদ্বাজ, পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ কেঞ্চাৰ সজাগতা অভিযানৰ সংযোজক সুৰেন্দ্ৰ মুন্ধ্ৰা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মাৰোৱাৰী যুৱ মঞ্চৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য ৰাজ চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটোত উত্তৰ লখিমপুৰ শাখাৰ বিষয়ববীয়া মোহিত ৰাঠী, অনিল লাদ্ধাৰ, মুকেশ তাপৰিয়া, আৰব লাখতিয়া, জগদীশ হেডা, বিশাল পাটোৱাৰী, প্ৰদীপ জাজুৱে বিশেষ সহযোগিতা আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More