লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ অধিৱেশন সম্পন্ন

নতুন সমিতি গঠন

0 96

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ মেঃWhatsApp Image 2023 05 07 at 9.20.07 PM মফচলত থকা সাংবাদিকসকলে সাংবাদিকতাৰ নীতি নিষ্ঠতা বহু পৰিমাণে ধৰি ৰাখিছে। সামগ্ৰিকভাবে পৃথিৱীৰ সাংবাদিকতালৈ নতুন নতুন কথা আহিছে।পৰিৱৰ্তনো আহিছে, সমস্যাও আহিছে। অসমৰ সাংবাদিকতাও সমস্যা আৰু ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আজিৰ অৱস্থা পাইছে। বিভ্ৰান্তিমূলক অৱস্থাই সাংবাদিকতাত মাজে মাজে ক্ষতি কৰি আহিছে যদিও ৰাইজ হতাশ হোৱাৰ কাৰণ নাই। এনে সাময়িক সমস্যাৰ পিছতো সাংবাদিকতালৈ ভাল দিন আহিব বুলি আমি আশাবাদী। — এই ভাষ্য “অসমবাণী”ৰ সম্পাদক দিলীপ চন্দনৰ। লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে এনেদৰে কয়।WhatsApp Image 2023 05 07 at 9.20.32 PM লখিমপুৰ জিলা সাংবাদিক সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশনখনি আজি নাওবৈচাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা জিলা সভাপতি কুমুদ বৰুৱাই পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে।শ্বহীদ তৰ্পণ কৰে জিলা সম্পাদক মনোজ বৰপাত্ৰ গোহাঁয়ে। জিলা সভাপতিৰ পৌৰোহিত্যত আজি অনুষ্ঠিত প্ৰতিনিধি সভাত জিলা সংস্থাৰ নতুন সমিতি গঠন কৰা হয়।সেইমৰ্মে শৈলেন বৰুৱাক সভাপতি, মুকুল ভূঞাক সাধাৰণ সম্পাদকৰূপে লৈ পৰৱৰ্তী কাৰ্যনিৰ্বাহকৰ ৩১ জনীয়া সমিতিখন গঠন কৰা হয়। বিয়লি ২ বজাত জিলা সভাপতি কুমুদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে অসমবাণীৰ সম্পাদক দিলীপ চন্দনে অংশ গ্ৰহণ কৰে।WhatsApp Image 2023 05 07 at 9.23.13 PM সভাখন মুকলি কৰে অধ্যক্ষ গুণীন্দ্ৰ নাথ শৰ্মাই। আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি টিকেন্দ্ৰজিৎ বৰুৱাই। জিলা সম্পাদক মনোজ বৰপাত্ৰ গোহাঁয়ে প্ৰতিবেদন পাঠ কৰা সভাত জিলা সংস্থাৰ মুখপত্ৰ তথা ব্ৰজেন বৰাৰ সম্পাদনাত প্ৰকাশিত “বেদনিধি” উন্মোচন কৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়াই। বাৰ্তাজীৱী সংঘৰ ভূতপূৰ্ব সভাপতি কেশৱ কলিতাই ৰচনা কৰা আৰু লখিমপুৰ জিলা সাংবাদিক সংস্থাই প্ৰকাশ কৰা “সাংবাদিক-অসাংবাদিক” গ্ৰন্থৰ দ্বিতীয় খণ্ড উন্মোচন কৰে সাংবাদিক শৈলেন বৰুৱাই। ভাষণত বৰুৱাই গ্ৰন্থখনক অসমৰ সাংবাদিকতাৰ অন্যতম প্ৰামাণ্য দলিল বা সাংবাদিকৰ সংগ্ৰামৰ ইতিহাস বুলি অভিহিত কৰে।WhatsApp Image 2023 05 07 at 9.22.32 PMসভাত বাৰ্তাজীৱী সংঘৰ ৰাজ্যিক সভাপতি টুটুমণি ফুকনে সংঘৰ প্ৰতিষ্ঠাৰ দিন ধৰি সাম্প্ৰতিক সময়লৈকে সংগ্ৰামৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে। সংবাদ মাধ্যম কেৱল জনগণৰ ওচৰত দায়বদ্ধ বুলি উল্লেখ কৰি সাংবাদিকৰ ন্যাৰ্য প্ৰাপ্তি আৰু অৰ্থনৈতিক সুৰক্ষা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়।WhatsApp Image 2023 05 07 at 9.23.50 PM সভাত বাৰ্তাজীৱী সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাই অংশ গ্ৰহণ কৰি সংঘই বিগত সময়চোৱাত লোৱা বিভিন্ন কৰ্মসূচীৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More