লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ নতুন সমিতিৰ দায়িত্ব গ্ৰহণ

0 45

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ জুনঃ লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ নতুন সমিতিয়ে আজি দায়িত্বভাৰ গ্ৰহণ কৰে।নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি পুৰণা সমিতিৰ সভাপতি কুমুদ বৰুৱাৰ পৌৰোহিত্যত পুৰণা আৰু নতুন সমিতিৰ এক যুটীয়া বৈঠকত জিলা সংস্থাৰ স্থাবৰ অস্থাবৰ সা সম্পত্তি আনুষ্ঠানিকভাবে নতুন সমিতিয়ে গ্ৰহণ কৰে।  সভাত বাৰ্তাজীৱী সংঘৰ ৰাজ্যিক সভাপতি টুটুমণি ফুকন, নতুন সমিতিৰ সভাপতি শৈলেন বৰুৱা, সাধাৰণ সম্পাদক মুকুল ভূঞা, সাংগঠনিক সম্পাদক কৰুণাকৃষ্ণ নাথ, কাৰ্যালয় সম্পাদক প্ৰশান্ত কুমাৰ মোদক আদিৰ লগতে ভালেকেইজন বক্তাই আগন্তুক দুটা বৰ্ষৰ বাবে জিলা সংস্থাই লব লগা কৰ্মসূচী পৰিকল্পনা সন্দৰ্ভত বক্তব্য ৰাখে। সেইমৰ্মে আগন্তুক সময়চোৱাত সামগ্ৰিক ভাবে অসমীয়া সাংবাদিকতাৰ নৈতিকতা, মান আৰু ভাৱমূৰ্তি অক্ষুণ্ণ ৰখাৰ চৰ্চা কৰা হব আৰু সামাজিক দায়বদ্ধতাৰে এক পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰা হব। একেদৰে জিলা সংস্থাৰ অধীনস্থ সাংবাদিকৰ সহায় হোৱাকৈ ৰাইজৰ সহযোগত এক ক’ৰ্পাছ ফাণ্ড বা অক্ষয় পুজি গঠন কৰা হব। জিলা সংস্থাৰ সদস্য়ৰ স্বাস্থ্যজনিত আপদকালত উক্ত পুজিৰ পৰা তাৎক্ষণিকভাবে এককালিন সাহায্য প্ৰদান কৰা হব। একেদৰে সাংবাদিকতা ক্ষেত্ৰলৈ নতুন প্ৰজন্মক মূল্যবোধ সম্পন্ন সাংবাদিকতাৰ বাবে উদ্বুদ্ধ কৰা হব। সাংবাদিকসকলক বঁটা বাহন বা প্ৰলোভনেৰে যাতে সামাজিক পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰবাবে জনগণক আহ্বান জনোৱাৰ লগতে তথাকথিত ৱেব পৰ্টেলে যাতে সাংবাদিকতাৰ মান নিম্ন কৰিব নোৱাৰে তাৰ বাবে জিলা সংস্থাই নজৰ ৰাখিব। জিলাখনৰ ঢকুৱাখনাৰ পৰা ধলপুৰলৈকে থকা আটাইকেইটা প্ৰেছ ক্লাব, গীল্ডৰ প্ৰতিনিধিৰে গঠন কৰা ৩১ জনীয়া কাৰ্যনিৰ্বাহক সমিতিয়ে আগন্তুক সময়চোৱাত জিলাখনৰ শক্তিশালী সামাজিক সংগঠনৰূপে কাম কৰি যাবলৈও আজিৰ সভাত বিভিন্নজনে পৰামৰ্শ আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More