লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন

0 85
উত্তৰ লখিমপুৰ, ২১ ফেব্ৰুৱাৰীঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়।  সেই উপলক্ষে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ্যোগত এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় আৰু ইয়াৰ অধ্যক্ষতা কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। বিশিষ্ট স্তম্ভ লেখক তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ছাজ্জাদ হুছেইনে সমল ব্যক্তি হিচাপে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে।  বিষয়টোৰ ওপৰত নিজৰ পৰ্য্যবেক্ষণৰে হুছেইনে কয় যে ভাষা সদায় ধৰ্ম আৰু অন্যান্য পৰিচয়ৰ উৰ্দ্ধত। ১৯৫২ চনত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ ইতিহাসৰ উদাহৰণ দি তেওঁ কয় যে মাতৃভাষাৰ প্ৰতি ভাবুকি আহোতে একে ধৰ্ম বিশ্বাসৰ লোক হৈয়ো কৰ্তৃপক্ষৰ বিৰুদ্ধে বিদ্ৰোহ কৰা হৈছিল।  তেওঁ লগতে কয় যে দিৱসৰ এই বছৰৰ বিষয়বস্তু—বহুভাষিক শিক্ষা,থলুৱা ভাষাত শিক্ষা প্ৰদানৰ বাবে শিক্ষাৰ ৰূপান্তৰৰ এক প্ৰয়োজনীয়তা  শিক্ষাবিদসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় বুলি অভিহিত কৰে। আলোচনা চক্ৰত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা মৃদুস্মিতা হাজৰিকায়ো ভাষণ প্ৰদান কৰে।  ভাষণত হাজৰিকাই ঔপনিৱেশিক আৰু স্বাধীনোত্তৰ ভাৰতৰ বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি আধুনিক যুগত অসমীয়া ভাষাৰ বিৱৰ্তনৰ ওপৰত আলোকপাত কৰে। হিন্দী বিভাগৰ সহকাৰী অধ্যাপক ড০ মঞ্জুমণি শইকীয়াই সমল ব্যক্তি হিচাপে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে।  ভাষণত ড০ শইকীয়াই সাহিত্যিক ৰচনাৰ বলত বিভিন্ন কথিত উপভাষাৰ এক মান্য ভাষালৈ বিৱৰ্তনৰ বিষয়ে কয়। তেওঁ কয় যে মাতৃভাষাই জাতি গঠনত গঠনমূলক ভূমিকা পালন কৰে। সভাপতিত্বৰ ভাষণত অধ্যক্ষ ড০ লোহিত হাজৰিকাই মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলক মাতৃভাষাত বিশেষ শিক্ষা প্ৰদানৰ বাবে নতুন ব্যৱস্থা উদ্ভাৱন কৰিবলৈ আহ্বান জনায়। সভাত উপাধ্যক্ষ গোপাল  চেত্ৰী, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে।  অনুষ্ঠানৰ আয়োজক অচ্যুত গগৈয়ে প্ৰদান কৰা শলাগৰ শৰাইৰে সভাৰ সামৰণি পৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More