উত্তৰ লখিমপুৰ, ১৮ এপ্ৰিলঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কন্যা ছাত্ৰীৰ বাবে আত্মৰক্ষাৰ দক্ষতাৰ এক প্ৰশিক্ষণৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষৰ উদ্যোগত আৰু উত্তৰ-পূৱ যোগাসন প্ৰশিক্ষণ আৰু শাৰীৰিক স্বাস্থ্য যত্ন কেন্দ্ৰ, উত্তৰ লখিমপুৰৰ সহযোগত আয়োজিত প্ৰশিক্ষণ কাৰ্য্যসুচীৰ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। অনুষ্ঠানত মহাবিদ্যালয়খনৰ অংশগ্ৰহণকাৰী কন্যা ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক দক্ষতা আৰু প্ৰতিৰক্ষামূলক দিশৰ বিভিন্ন পদক্ষেপ আৰু দক্ষতা প্ৰদৰ্শন আৰু অনুশীলন কৰোৱা হয়। অধিৱেশনখন পৰিচালনা কৰে উত্তৰ-পূব যোগাসন প্ৰশিক্ষণ আৰু শাৰীৰিক স্বাস্থ্যসেৱা কেন্দ্ৰৰ গোবিন শইকীয়া, আফতাব আলী আৰু আজমল হুছেইনে। অধিৱেশনৰ সমন্বয়ক হিচাপে উপস্থিত থাকে ড° ৰূপজ্যোতি ভট্টাচাৰ্য আৰু অধ্যাপক বাহ্ণিশিখা বৰদলৈয়ে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.