লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত সোণালী জয়ন্তী বক্তৃতা অনুষ্ঠিত

0 34

শতাব্দ প্ৰতিনিধি, লখিমপুৰঃ ১০ জুনঃ লখিমপুৰ মহাবিদ্যালয়ৰ চলি থকা সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ তৃতীয় বক্তৃতা ৯ জুনত অনুষ্ঠিত হৈ যায়৷ মুম্বাইৰ ডাঃ শচীন পৰাবে নিচাজাতীয় দ্ৰব্য ত্যাগ আৰু মদ্যপানৰ অভ্যাসৰ ওপৰত বক্তৃতা প্ৰদান কৰে৷ ভাৰত চৰকাৰে গ্ৰহণ কৰা নিছা মুক্তি ভাৰত অভিযানৰ অংশ হিচাপে উত্তৰ লখিমপুৰৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰয় বিদ্যালয়ৰ সক্ৰিয় অংশগ্ৰহণেৰে মহাবিদ্যালয়খনৰ নিচাবিৰোধী কোষৰ উদ্যোগত এই বক্তৃতা প্ৰদান কৰা হয়৷ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই শুভাৰম্ভ কৰা অনুষ্ঠানৰ বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে অধিবক্তা তথা প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰৰ সদস্য দ্বীজেন বৰাই৷ উদ্বোধনী ভাষণত অধ্যক্ষ ড০ হাজৰিকাই কয় যে মহাবিদ্যালয়খনে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত শিখৰত উপনীত হ’বলগীয়া সোণালী জয়ন্তী কাৰ্যসূচী উপলক্ষে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতাৰ আয়োজন কৰি আহিছে৷ তেওঁ বহুদিনৰ পৰা নিচামুক্তিৰ বিৰুদ্ধে বিভিন্ন আন্দোলন আৰু ব্যক্তিত্বৰ প্ৰচেষ্টাক পুনৰবাৰ উল্লেখ কৰি কয় যে এখন সমাজৰ ভৱিষ্যত বহু পৰিমাণে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু সুৰাপাণৰ ওপৰত নিৰ্ভৰশীল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More