লখিমপুৰ বালিকা মহাবিদ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

অসমত চাকৰি পাবলৈ হ’লে এল- ওৱান হ’বই লাগিবঃ ২০২৪ চনত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’ব আৰু ৰেংকো থাকিবঃ শিক্ষামন্ত্ৰী

0 16

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৯ মে’: চি টেটৰ ক্ষেত্ৰত এল ওৱান নহলে তেনে প্ৰাৰ্থীয়ে অসমত চাকৰি কৰাতো বাদেই তেওঁলোকে আবেদনেই কৰিব নোৱাৰিব৷ এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ আজি লখিমপুৰ বালিকা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় উচ্ছতৰ শিক্ষা অভিযানৰ অনুদানেৰে নিৰ্মিত এটি ভৱন উদ্বোধন কৰি তেওঁ এনেদৰে কয়৷ চি টেটৰ জৰিয়তে অসমৰ মাতৃভাষাৰ বিদ্যালয়সমূহত বৰ্হিঃ ৰাজ্যৰ প্ৰাৰ্থী নিযুক্তি সন্দৰ্ভত বিভিন্ন সংগঠনে প্ৰতিবাদ জনাই অহাৰ প্ৰসংগতে আজি মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়৷ ইফালে তেওঁ আজি আৰু কয় যে জনগোষ্ঠীয় পাঠ্যক্ৰম আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰে মুঠেও অৱহেলা কৰা নাই৷ বড়ো মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰে এবচু, বড়ো সাহিত্য সভাৰ লগত আলোচনা কৰি আছে আৰু জুন মাহৰ প্ৰথম সপ্তাহত তেওঁলোকৰ লগত পুনৰ আলোচনা হ’ব৷ আজি লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ভৱনটোৰ দ্বাৰ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ সুৰজিৎ ভূঞাকে ধৰি পৰিচালনা সমিতিৰ সভাপতি জিতেন শৰ্মা আৰু অধ্যাপক-অধ্যাপিকাসকলৰ লগত এক সৌহাদ্যমূলক বৈঠকত মিলিত হয়৷ আজিৰ এই বৈঠকত শিক্ষামন্ত্ৰীয়ে সাম্প্ৰতিক অসমৰ শৈক্ষিক জগতৰ লগতে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ শৈক্ষিক আৰু আন্তঃগাথনিমূলক বিষয় সহ ভালেকেইটা বিষয়ৰ ওপৰত আলোচনা কৰে৷ উল্লেখ্য যে সাংবাদিকসকলৰ লগত হোৱা এক বাৰ্তালাপত শিক্ষামন্ত্ৰীয়ে নতুনকৈ গঢ় লৈ উঠিবলগীয়া উত্তৰ লখিমপুৰ মহাবিদ্যালয়কেন্দ্ৰিক বিশ্ববিদ্যালয়খনত লখিমপুৰ বালিকা মহাবিদ্যালয়ক এক Constituent College হিচাপে অন্তৰ্ভূক্ত কৰাৰ কথা চিন্তা-চৰ্চা কৰা হৈছে বুলি কয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More