লখিমপুৰ সদৰ থানাৰ কাষতে জুৱাৰ ঘাটি

লখিমপুৰত ড্ৰাগছ সহ ধৃত ১

0 34
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ লখিমপুৰ নগৰৰ অলিয়ে গলিয়ে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাৰ সময়তে আজি এজন ড্ৰাগছ পেডেলাৰ লখিমপুৰ আৰক্ষীৰ জালত পৰে৷ ধৃত ড্ৰাগছ পেডেলাৰজন হৈছে পানীগাঁৱৰ বাবাই পেগু (৩৬)৷ আজি পুৱা ১০ মান বজাত বাবাই পেগুৱে উত্তৰ লখিমপুৰ নগৰৰ বিভিন্ন স্থানত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহাৰ সময়তে নগৰখনৰ আহুচাউল গাঁৱৰ ষ্টেটফেডৰ ওচৰত বাইক সহ ড্ৰাগছ পেডেলাৰজন ধৰা পৰে৷ আৰক্ষীয়ে বাবাই পেগুৰ পৰা প্ৰায় ২০০ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে তেওঁ চলাই অহা বাইকখন জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে বাবাই পেগুক লৈ বিভিন্ন স্থানত অভিযান আৰম্ভ কৰিছে যদিও তেওঁৰ সহযোগীসকলক এই পৰ্যন্ত কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে চাবতি, নকাৰী, মৈদমীয়া, খেলমাটি, বেতমহল, চাপৰি গাঁও আদিত এতিয়া ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাৰ লগতে উঠি অহা নৱ প্ৰজন্ম এনে নিচাসক্ত দ্ৰব্যৰ কবলত পৰি ধবংসৰ দিশে গতি কৰিছে৷ ইতিমধ্যে ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ সেৱন কৰি কেবাজন যুৱকৰ অকাল মৃত্যু ঘটিছে আৰু লখিমপুৰত এতিয়া বহু পৰিয়ালত এনে ড্ৰাগছে তেওঁলোকৰ পৰিয়াল ধবংস কৰি আহিছে৷ উল্লেখনীয় কথা যে লখিমপুৰ নগৰত মদ, ড্ৰাগছ, গাঞ্জা আদিৰ ৰমৰমীয়া বেহাৰ মাজতে বহু ঠাইত জুৱাৰ আড্ডাই একাংশ পৰিয়াললৈ ঘোৰ অমানিশা নমাই আনিছে৷ এক বিশ্বস্ত সূত্ৰই সদৰি কৰা অনুসৰি উত্তৰ লখিমপুৰ সদৰ থানাৰ পৰা মাত্ৰ কেইগজমান নিলগতে এতিয়া এটা বৃহৎ জুৱাৰ ঘাটি চলি আছে৷ গৰিয়াজান দলঙৰ সমীপত এখন চেলুনৰ কাষতে বাদুলী নামৰ এজনৰ নেতৃত্বত এনে জুৱা চলি অহা বুলি সূত্ৰটোৱে সদৰি কৰিছে৷ উত্তৰ লখিমপুৰ সদৰ থানাৰ সমীপতে এনেদৰে জুৱাৰীয়ে ঘাটি পতা কাৰ্যই আৰক্ষীলৈকো বহুতে সন্দেহৰ আঙুলি টোঁৱাইছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More