লখিমপুৰ ৰেলৱে ষ্টেচনত চলন্ত ৰেলত অচিনাক্ত মৃতদেহ উদ্ধাৰ

0 10
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৯ ফেব্ৰুৱাৰীঃ আজি পুৱতি নিশা প্ৰায় ৯.৩০ বজাত উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনত এজন লোকৰ এটা মৃতদেহ উদ্ধাৰ হয়৷ প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি ডেকাৰগাঁও-মুৰ্কংচেলেক অভিমুখী উজনিমুৱা যাত্ৰীবাহী ৰেলখন আজি পুৱা ৯.৩০ মান বজাত উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনত ৰখোৱাৰ সময়তে ৰেলৰ চিটত মৃত অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়৷ বৰ্ষীয়ান লোকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই৷ ৬০ উদ্ধৰ্ৰ লোকজনে এটা চাৰ্ট আৰু চুৰিয়া পৰিধান কৰি আহিছিল৷ সকলোৱে সন্দেহ কৰা অনুসৰি প্ৰচণ্ড ঠাণ্ডাৰ প্ৰকোপতে অচিনাক্ত বৰ্ষীয়ান লোকজনৰ মৃত্যু হয়৷ ইতিমধ্যে উক্ত অচিনাক্ত মৃত লোকজনক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মৰগত ৰখাৰ ব্যৱস্থা কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More