লণ্ডনলৈ যোৱা কাঁজি নেমুৰ বাগিছা বিচাৰি…

গাতি গাঁৱৰ কাঁজি নেমু আৰু শান্তিবজাৰ

0 772

অসমৰ ৰঙালাও, কঁঠাল, আনাৰস বা কাঁজিনেমু বিদেশলৈ ৰপ্তানি হৈ আছে। এনে বাতৰিয়ে স্বাভাৱিকতে স্বাভিমানি অসমীয়াক উৎফুল্লিত কৰি তোলে। এনে বাতৰি দেখিলেই পাঠকে গোগ্ৰাসে পঢ়ি শস্য বা ফলবিধ ক’ত উৎপন্ন হৈছে, কোন কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰিছে বা কি প্ৰক্ৰিয়াৰে অসমৰ পৰা গৈ বিদেশ পালেগৈ, তাৰ উৱাদিহ বিছাৰে। তেনে প্ৰেক্ষাপটতে বাক্সা জিলাৰ পৰা লণ্ডনলৈ যোৱা কাঁজি নেমুৰ বাগিছা বিচাৰি, কৃষক আৰু পাইকাৰী বেপাৰীক সাক্ষাৎ কৰি এই ক্ষেত্ৰভিত্তিক লেখা যুগুতাইছে

অৰিন্দম তালুকদাৰে 

যোৱা ১৫ জুলাইত অসমৰ ৬০০ কিলোগ্ৰাম কাঁজি নেমু লণ্ডনলৈ ৰপ্তানি কৰাৰ খবৰ এটাই বাতৰিৰ শিৰোনাম দখল কৰিছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ এটা টুইটৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠানসমূহে জনোৱা মতে অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ গাতি অঞ্চলৰ অতি উৎকৃষ্ট কাঁজি নেমুৰ প্ৰথমটো সম্ভাব্য খেপ (contingent) গুৱাহাটীৰ পৰা নতুন দিল্লী যোগে লণ্ডনলৈ পঠোৱা হৈছে আৰু আগন্তুক দুমাহত মুঠ ৮০টন নেমু লণ্ডনলৈ পঠোৱা হ’ব।064 1 01 অসমৰ কৃষি খন্ডৰ বাবে উৎসাহজনক এই বাতৰিটোৱে আমাক শালবাৰী অঞ্চলৰ নেমুৰ বাগিছাবোৰলৈ আকৌ এবাৰ মনত পেলাই দিলে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষে কাষে পশ্চিমৰ পৰা পূবলৈ বাক্সা জিলাৰ এটা বিস্তীৰ্ণ অঞ্চল সামৰি থকা এই নেমু খেতিয়ে আমাক বহু দিনৰে পৰা আকৰ্ষিত কৰি আহিছে। 039 1 3 01নেমুৰ খেতি আৰু ইয়াৰ ফচল সংগ্ৰহ আৰু বিক্ৰীকৰণৰ বিষয়ে প্ৰত্যক্ষ ভাৱে জনা আৰু ছবি তোলাৰ মানসেৰে যোৱা ২৭ জুলাই তাৰিখে আমি বৃহত্তৰ গাতি অঞ্চলটো ভ্ৰমণ কৰিছিলোঁ। গুৱাহাটীৰ পৰা পুৱতি নিশাই ওলাই গৈ আমি ৰাতিপুৱা ৬-১৫ মান বজাতেই গাতি গাঁৱত উপস্থিত হৈছিলো।ভৱানীপুৰৰ পৰা সৰুপেটা, সাউদৰ ভিঠা গাতি হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগতে একেবাৰে ভাৰত- ভূটান সীমান্ত পাবগৈ পাৰি।053 1 3 02 সাউদৰ ভিঠাৰ পৰা গাতি তথা মানাহলৈ যোৱা পথচোৱা বৰ্তমান বিধ্বস্ত। মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যাব পৰা এই চমু বাটচোৱা অতি সোনকালে মেৰামতি নকৰিলে সমাগত পৰ্যটন ঋতুত পৰ্যটকসকলৰ মানাহলৈ অহা-যোৱাত গুৰুতৰ অসুবিধা হ’ব। যিয়েই নহওঁক গাতি গাঁৱত আমাৰ প্ৰাক্তন ছাত্ৰ সঞ্জিত দাসে মোক সংগ দিলে। সঞ্জিতৰ সৈতে দৌৰাদৌৰিকৈ পোনচাটে গাতিৰ ওচৰৰ শান্তি বজাৰ নামৰ সাপ্তাহিক বজাৰখন চাবলৈ গলো, কাৰণ সেইখন বজাৰ খুব পুৱাই আৰম্ভ হয় আৰু মূলত: তাত নেমুটেঙাৰ পাইকাৰী বেচা-কিনা হয়।161 1 01 আগতেই উল্লেখ কৰা হৈছে যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষে কাষে পশ্চিমৰ পৰা পূবলৈ বাক্সা জিলাৰ শ শ বিঘা মাটিত ৰাইজে বিস্তীৰ্ণ অঞ্চল জুৰি নেমু খেতি কৰি আহিছে। দুই- তিনি বিঘাৰ পৰা ৩০-৩৫ বিঘা মাটিত কৃষকসকলে নেমুৰ খেতি কৰি আহিছে আৰু উৎপাদিত ফচলসমূহ সমীপৱৰ্তী শান্তিবজাৰ, আনন্দবজাৰ, শালবাৰী বজাৰ, বাঁহবাৰী বজাৰ ইত্যাদি সাপ্তাহিক বজাৰবোৰলৈ আনি দূৰণিবটীয়া পাইকাৰীসকলক বিক্ৰী কৰে।034 2 02 আমি গৈ পাওঁতে বজাৰ আৰম্ভ হৈ গৈছিল। দূৰণিৰ পৰা অহা বেপাৰী আৰু খেতিয়কসকলে অনা নেমুৰে বজাৰ ভৰি পৰিছিল। শান্তি বজাৰত আমি নেমু খেতিয়ক আৰু বেপাৰী কেবাজনকো লগ পাই কথা-বতৰা পাতিছিলো।189 3 01 সকলো নেমু খেতিয়কে একেমুখে ক’লে -তেওঁলোকে উৎপাদিত নেমুটেঙাৰ উপযুক্ত দাম নাপায়। উদাহৰণ স্বৰূপে কালি শান্তি বজাৰত নেমু মাত্ৰ ৩০টকাৰ ৬০ টকাত পোণ হিচাপত বিক্ৰী হৈছিল। তাৰমানে গোটে ২৫-৬২ পইছা। ইমান কম দৰত কিনি নিয়া নেমু এটাৰ দাম চহৰত গৈ কিয় পাঁচ- ছয় টকা হয়? গাড়ী খৰছ আৰু ৰাষ্টাত দিব লগা(!) খৰছ বহুত চাৰ সেয়ে দামটো বাঢ়ি যায়। আমাৰ প্ৰশ্নৰ উত্তৰত বৰপেটা, নলবাৰী, গুৱাহাটীৰ পাইকাৰী বেপাৰীসকলে এইদৰে যুক্তি দিছিল।আজিকালি নেমু বজাৰলৈ নানিলেও হয়, পাইকাৰী বেপাৰীসকলে গাড়ীৰে বাগিছাবোৰৰ পৰা কুইন্টলে কুইন্টলে নেমু লৈ যায়, দাম কিন্তু বৰ কম দিয়ে।দীৰ্ঘদিন ধৰি নিজৰ কেবা বিঘা মাটিত নেমুখেতি কৰি অহা চমুৱাগাতিৰ কৃষক গিৰিশ দাসে আমাক জনাইছিল।IMG 20220728 080128 2 01 তেওঁৰ মতে এনে পৰিস্থিতিত বৰ্তমান কেৱল নেমু বিক্ৰী কৰি খেতিয়কসকলে পৰিয়াল পোহপাল দিয়াতো অসম্ভৱ হৈ পৰিছে। শান্তি বজাৰত লগ পোৱা নেমু খেতিয়কসকলে গাতি অঞ্চলৰ নেমু বিদেশলৈ (লন্ডনলৈ) ৰপ্তানি হোৱা কথাটোৰ বিষয়ে অৱগত আৰু ই এক আশাব্যঞ্জক কথা বুলি অভিহিত কৰিছিল। ভৱিষ্যতে তেওঁলোকৰ বাগিছাৰ নেমু সমূহো উচিত দৰত বিক্ৰী কৰিব পাৰিলে তেওঁলোক যথেষ্ট উপকৃত হ’ব বুলি আমি লগ পোৱা কৃষকসকলে আশা প্ৰকাশ কৰিছিল। শান্তি বজাৰত নেমুটেঙাৰ বেহাৰ ছবি তুলি টেকেলীমুখত দিয়া গৰম গৰম পিঠা আৰু চাহ খাই আমি মচলাবাৰী গাতিৰ এখন নেমু বাগিছালৈ গৈ লমালমে লাগি থকা নেমুবোৰৰ সৈতে বাগিছাৰ ছবি তুলি উভতিলো।IMG 20220728 073424 01 আমাৰ বোধেৰে অসংগঠিত বজাৰ আৰু বিক্ৰয় ব্যৱস্থা, বিজ্ঞান সন্মত সংৰক্ষণ ব্যৱস্থাৰ অভাৱ, ফলমূল কেন্দ্ৰিক খাদ্য আৰু পানীয় প্ৰস্তুতকৰণ ব্যৱস্থা আৰু উদ্যোগৰ অভাৱৰ বাবেই অসমৰ এক বৃহৎ সংখ্যক নেমু উৎপাদনকাৰী খেতিয়কে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে। কৃষিৰ বাণিজ্যিকীকৰণৰ লগত জড়িত চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান সমূহে এই দিশসমূহত মন- কাণ দিয়াতো হ’ল সময়ৰ আহ্বান।

(আলোকচিত্ৰঃ লেখকৰ)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More